ETV Bharat / state

নিশা শুই থকা অৱস্থাতে গুলীয়াই হত্যা এজনক

author img

By

Published : May 13, 2020, 2:32 PM IST

মংগলবাৰে নিশা শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশা এক হত্যাকাণ্ড সংঘটিত হয় ৷ নিশা শুই থকা অৱস্থাত অচিনাক্ত লোকে গুলিয়াই হত্যা কৰে লোকজনক ৷ আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷

sensational murder last night in sonitpur rangapara
ৰঙাপৰাত চাঞ্চল্যঃ দুৰ্বৃত্তৰ গুলিত নিহত এজন

ৰঙাপৰা, 13 মে' : লক্ ডাউনৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত মংগলবাৰে নিশা এক হত্যাকাণ্ড সংঘটিত হয় ৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম-অৰুণাচল সীমান্তৱৰ্তীৰ ৪ নং গেৰুৱাজুলিত নিশা ঘৰৰ বাহিৰত শুই থকা অৱস্থাত মনি বসুমতাৰী নামৰ লোকজনক কোনো অচিনাক্ত লোকে গুলিয়াই হত্যা কৰে ।

ঘটনাৰ খবৰ পোৱাৰ পিছতেই চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ ডঃ ক্ষীৰোদ কমল হাজৰিকা আৰু ৰঙাপৰা আৰক্ষী বিষয়া বুধিন পেগু ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ কিন্তু বৰ্তমানলৈ কি কাৰণত লোক জনক হত্যা কৰা হ'ল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷

উল্লেখযোগ্য যে, চতিয়া সমষ্টি অন্তৰ্গত জয়সিদ্ধিৰ প্ৰাণ কুমাৰ বসুমতাৰীৰ পুত্ৰ মনি বসুমতাৰীয়ে গেৰুৱাজুলিত দ্বিতীয় বিবাহ কৰি জীৱন অতিবাহিত কৰি আহিছিল ৷

লগতে পঢ়ক : মুম্বাইৰ পৰা বাছ যোগে গুৱাহাটীত উপস্থিত কৰ্কট ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.