ETV Bharat / state

School week of Jugal High School : বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ বিদ্যালয় সপ্তাহ

author img

By

Published : Dec 6, 2022, 10:25 AM IST

সোমবাৰৰ পৰা আৰম্ভ হয় শোণিতপুৰ জিলাৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ (School week begun at Jugal High School) ৷ বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে বাহিৰ কৰা হয় এক সাংস্কৃতিক শোভাযাত্ৰা ৷ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত প্ৰদৰ্শিত হয় অসমৰ লোক সংস্কৃতি ৷

School week of Jugal High School
বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ বিদ্যালয় সপ্তাহ

তেজপুৰ, 6 ডিচেম্বৰ : জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে পুনৰ উজ্জীৱিত হৈ পৰে শোণিতপুৰ জিলাৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ ৷ কিয়নো সোমবাৰৰ পৰা যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে বিদ্যালয় সপ্তাহ (School week begun at Jugal High School) ৷ বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সোমবাৰে বাহিৰ কৰে এক সাংস্কৃতিক শোভাযাত্ৰা ৷

বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা বাহিৰ কৰা এই শোভাযাত্ৰাত বিহু, বাগৰুম্বা, ঝমুৰ, চাওতালী, তিৱা আদি নৃত্যই মন্ত্ৰমুদ্ধ কৰে দৰ্শকক ৷ সেইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাৰ বিভিন্ন চৰিত্ৰ যেনে, বিষ্ণু, শ্ৰীকৃষ্ণ, ৰাধা, শিৱ, শংখচূড়, বকাসুৰ, নকুল, সহদেৱ, নন্দি-ভিংগী, ভীম, অজুৰ্ন, ৰাম-ৰাৱণ, সীতা, লক্ষ্মণ, হনুমান আদিত অভিনয় কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে শিক্ষাৰ্থীসকলে (School week of Jugal High School)৷

উল্লেখ্য যে, এই সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়খনৰ দুয়োটা দিশে প্ৰায় ডেৰ কিলোমিটাৰকৈ পৰিভ্ৰমণ কৰি পুনৰ বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হয় ৷ ইফালে সংবাদ মাধ্যমৰ আগত যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে কয়, ‘‘ছাত্ৰ অৱস্থাতেই শিক্ষাৰ সমান্তৰালভাৱে সামাজিক আৰু সাংস্কৃতিৰ প্ৰাথমিক শিক্ষা প্ৰদান কৰা উচিত ৷ ঘৰখন যদিও ছাত্ৰ বা ছাত্ৰীৰ বাবে সংস্কৃতিৰ পথাৰ; তৎস্বত্বেও আমি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সংস্কৃতি আৰু সাংস্কৃতিক সমন্বয়ৰ বিষয়ে জনাব বিচাৰিছো’’ ৷

লগতে তেওঁ কয়, ‘‘আনুষ্ঠানিক বা বিদ্যালয়ৰ শিক্ষাৰ লগত যি সামাজিক আৰু সাংস্কৃতিক শিক্ষা আমি ছাত্ৰ-ছাত্ৰীক দিছো ৷ যাৰ দ্বাৰা তেওঁলোকে নিজৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব ৷ জ্যেষ্ঠজনক শ্ৰদ্ধা আৰু অনুজক স্নেহ, মাতৃৰ প্ৰতি প্ৰেম আৰু পিতৃৰ প্ৰতি ভক্তি কৰিব শিকিব ৷ এই সকলো মিলিয়েই হ’ব বুনিয়াদ ৷ যি আমি ছাত্ৰ-ছাত্ৰীক দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো’’ ৷

বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী নিংকুনিশা নেওগে আঁত ধৰা অনুষ্ঠানটোত তেজপুৰৰ সমীপৱৰ্তী বামুণপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী কামিনী কাকতিয়ে উক্ত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে (Cultural rally in Sonitpur) ৷ তেওঁ কয়, ‘‘বৰ্তমান পৰ্যন্ত যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যিবোৰ কাম কৰিছে, সেইবোৰ অতি প্ৰশংসনীয় আৰু আমাৰ সকলোৰে বাবে আদৰণীয় ৷ নতুন প্ৰজন্ম গঢ়াৰ দায়ি‌ত্ব বিদ্যালয়খনৰ প্ৰধান শিক্ষকে গ্ৰহণ কৰিছে’’ ৷

ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুলমণি দাসে উক্ত অনুষ্ঠানত উপস্থিত থাকি বক্তৃতা প্ৰদান কৰাৰ পিছতেই বিদ্যালয় প্ৰধান শিক্ষকৰ নেতৃত্বত এই সাংস্কৃতিক শোভাযাত্ৰাৰ আৰম্ভ হয় ৷ সাংস্কৃতিক শোভাযাত্ৰাৰ দল আহি বিদ্যালয়ৰ চৌহদত উপস্থিত হোৱাৰ পিছত বিদ্যালয় সপ্তাহৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে ৷

পতাকা উতেত্তালনৰ পিছতেই দুটা শাখাত এশ মিটাৰ দৌৰ প্ৰতিযোগিতা, আধুনিক আৰু লোক নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বকুল কুম্মীয়ে বক্তব্য প্ৰদান কৰি সকলো ছাত্ৰ-ছাত্ৰীৰ উজ্বল ভৱিষ্যত কামনা কৰে ৷

উল্লেখ্য যে, বিদ্যালয়খনে সময়ে সময়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ সমান্তৰালভাৱে সঠিক বুনিয়াদ গঢ়াৰ লগতে অঞ্চলটোত শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে সেয়া স্বাভাৱিকতে প্ৰশংসনীয় ৷

লগতে পঢ়ক : Nagaon sahitya sabha golden jubilee: নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.