ETV Bharat / state

শিক্ষা বিভাগৰ ব্যৰ্থতাঃ শিক্ষাবৰ্ষৰ ছমাহৰ পাছতো বিনামূলীয়া ইউনিৰ্ফম নাপালে ছাত্ৰ-ছাত্ৰীয়ে - ETV BHARAT ASSAM

প্ৰতিশ্ৰুতি পালনত ব্যৰ্থতাৰে অভিলেখ গঢ়াৰ দিশে শাসনাধিস্থ বিজেপি চৰকাৰ ৷ চৰকাৰী কৰ্মচাৰীক বছৰত এযোৰকৈ খাদী কাপোৰ যোগান ধৰিম বুলি কথা দি কথা ৰাখিব নোৱাৰা চৰকাৰে খন এইবাৰ ব্যৰ্থ হৈছে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া ইউনিৰ্ফম যোগনা ধৰাত ৷

শিক্ষা বিভাগৰ ব্যৰ্থতাঃ শিক্ষাবৰ্ষৰ ছমাহৰ পাছতো বিনামূলীয়া ইউনিৰ্ফম নাপালে ছাত্ৰ-ছাত্ৰীয়ে
author img

By

Published : Jun 11, 2019, 2:14 PM IST

বালিপাৰা, 11 জুনঃ সময়ত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাত ব্যৰ্থ হোৱা চৰকাৰ খন এইবাৰ ব্যৰ্থ হৈছে শিক্ষাৰ্থীক বিনামূলীয় ইউনিৰ্ফম যোগানত ৷ ২০১৯ শিক্ষাবৰ্ষৰ ছমাহ অতিক্ৰম হোৱাৰ পথত যদিও ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানে এইপৰ্যন্ত লাভ কৰা নাই বিনামূলীয় ইউনিৰ্ফম ৷

প্ৰাপ্ত তথ্য অনুসৰি শোণিতপুৰ জিলাৰ বালিপৰা শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজিলৈকে লাভ নকৰিলে চৰকাৰে ব্যৱস্থা কৰা বিনামূলীয়া সাজ পোছাক । যি সময়ত চৰকাৰখনে চৰকাৰী আঁচনি সমুহৰ স্বচ্ছ, নিকা আৰু ক্ষিপ্ৰ ৰূপায়ণ কৰাৰ কথা কৈ আহিছে সেই সময়তেই শিক্ষা বিভাগৰ এনে কাণ্ডই প্ৰমান কৰিছে চৰকাৰৰ ব্যৰ্থতা ৷

শিক্ষা বিভাগৰ ব্যৰ্থতাঃ শিক্ষাবৰ্ষৰ ছমাহৰ পাছতো বিনামূলীয়া ইউনিৰ্ফম নাপালে ছাত্ৰ-ছাত্ৰীয়ে

একাংশ অভিভাৱক তথা শিক্ষকৰ অভিযোগ যে, শিক্ষামন্ত্ৰী হিচাপে সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিভাগটোত উন্নয়নৰ পৰিৱৰ্তে কেৱল ন ন নীতি-নিয়ম বলবৎ কৰিয়েই দ্বায়িত্ব সামৰিছে । উল্লেখ্য যে, বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আজিলৈকে চৰকাৰী বিনামূলীয় সাজ-পোছাক প্ৰদান নকৰাত অভিভাৱকসকলে বজাৰৰ পৰা পোছাক ক্ৰয় কৰিবলৈ বাধ্য হৈছে । ইমানেই নহয়, ৰঙাপৰাত ছাত্ৰ-ছাত্ৰী সকলে পুৰণা সাজ-পোছাক পৰিধান কৰাৰ বিপৰীতে আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে ঘৰুৱা পোছাক পিন্ধিয়েই বিদ্যালয়লৈ যাবলৈ বাধ্য হৈছে ।

Intro:চলিত শিক্ষাবৰ্ষৰ ছমাহৰ অতিক্ৰম হোৱাৰ পথতঃ আজিও ছাত্ৰ-ছাত্ৰীসকলে লাভ নকৰিলে বিনামূলীয়া পোছাকBody:ৰঙাপৰাঃ ২০১৯ শিক্ষাবৰ্ষৰ ছমাহ অতিক্ৰম হোৱাৰ পথত যদিও ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ দৰে শোণিতপুৰ জিলাৰ বালিপৰা শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজিলৈকে লাভ নকৰিলে চৰকাৰে ব্যৱস্থা কৰা বিনামূলীয়া সাজ পোছাক। শাসনাধিষ্ঠিত চৰকাৰখনে চৰকাৰী আঁচনি সমুহ স্বচ্ছ, নিকা আৰু ক্ষিপ্ৰ গতিত ৰূপায়ণ কৰাৰ কথা কৈ আহিছে যদিও দেশৰ মানৱ সম্পদ স্বৰূপ ছাত্ৰ-ছাত্ৰী সকলক লৈ সুদ চৰকাৰ আৰু বিয়াগোম শিক্ষা বিভাগটোয়ে হেতালি খেলি হা বুলি অভিযোগ উত্থাপিত হৈছে। বিগত সময়ত চৰকাৰ সমুহে সময়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক পাঠ্যপুথিৰ উপৰি সাজপোছাক সমুহ প্ৰদান কৰি আহিছিল। কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক শিক্ষা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগটো প্ৰদান কৰাৰ পাছতে মন্ত্ৰী গৰাকীয়ে কেৱল নিতৌ ন ন নীতি নিয়ম তৈয়াৰ কৰিছে। ফলত বিভাগীয় কৰ্তৃপক্ষৰ উপৰি বিদ্যালয় সমুহৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আদিয়ে বিভিন্ন সমস্যাৰ মাজেৰে বিদ্যালয় পৰিচালনা আৰু পাঠদান কাৰ্য চলি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। পৰিতাপৰ বিষয়টো হৈছে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আজিলৈকে প্ৰদান কৰা হোৱা নাই চৰকাৰী বিনামূলীয়া সাজ পোছাক। ইফালে ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱকসকলে চৰকাৰী সাজ-পোছাকৰ আশাত থাকি অৱশেষত বজাৰৰ পৰা পোছাক ক্ৰয় কৰিবলৈ বাধ্য হয়। ইফালে ৰঙাপৰাত ছাত্ৰ-ছাত্ৰী সকলে পুৰণা সাজ-পোছাক পৰিধান কৰাৰ বিপৰীতে বিদ্যালয়ত একাংশ ছাত্ৰ-ছাত্ৰীয়ে ঘৰুৱা পোছাক পিন্ধিয়েই বিদ্যালয়ত যাবলগীয়া হৈছে। বিশেষ সূত্ৰে পোৱা খবৰ অনুসৰি বিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰী সকলক পোছাক যোগান ধৰা হ’ব বুলি কেৱল মৌখিক খবৰ ওলাইছে। বৰ্তমানলৈকে এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ নিৰ্দেশনা লাভকৰা নাই বুলি জানিবলৈ দিছে। শিক্ষা বিভাগৰ কৰ্মকাণ্ডৰ বাবে আজি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ফল ভোগ কৰিবলগীয়া হৈছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.