শোণিতপুৰ , 11 এপ্ৰিলঃ শোণিতপুৰৰ ৰঙাপৰাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ । লোকসভাৰ নিৰ্বাচনত তাৰাজুলি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । যাৰ বাবে ভোটাৰ ৰাইজে যাতে বিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট নকৰে তাৰ বাবে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে ৰাইজৰ মাজত সজাগতাৰ প্ৰয়াস চলাই ।
ছাত্ৰ-ছাত্ৰীসকলে পাণ-তামোল খাই পিক বা থু নেপেলাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰে ৷ বিদ্যালয়খন আপোনাৰ, বিদ্যালয়খনৰ পৰিৱেশ লেতেৰা নকৰিব, তাৰাজুলি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ পৰা ভোটাৰ ৰাইজক শান্তিৰ পৰিৱেশ বজাই ৰাখিবলৈ অনুৰোধ জনালো আদি শীৰ্ষক পোষ্টাৰ বেনাৰ লিখি ভোটাৰ ৰাইজক আহ্বান জনায় ছাত্ৰ-ছাত্ৰীসকলে । আনহাতে, পুৱা ৬ বজাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ভোট কেন্দ্ৰত উপস্থিত হৈ এনেদৰে ৰাইজক আহ্বান জনোৱাত তাৰাজুলি চাহ বাগিছাৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে ।