ETV Bharat / state

পৃথ্বীৰাজ ৰাভাৰ হৈ নির্বাচনী প্ৰচাৰত নামিল সৰ্বানন্দ সোণোৱাল - অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভা

তেজপুৰ ডিপোটাৰ অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ অসমৰ চাহ শ্ৰমিকৰ দুবাৰকৈ মজুৰি বৃদ্ধি কৰিছে বিজেপিৰ মিত্ৰজোঁট চৰকাৰে কিন্তু কংগ্ৰেছে প্ৰতাৰণা কৰিলে বিগত সময়চোৱাত । সভাত এইদৰে মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

পৃথ্বীৰাজ ৰাভাৰ হৈ এখন নির্বাচনী প্ৰচাৰত সৰ্বানন্দ সোণোৱাল

author img

By

Published : Mar 18, 2021, 10:10 PM IST

তেজপুৰ,১৮ মাৰ্চ: অসমৰ চাহ শ্ৰমিকৰ দুবাৰকৈ মজুৰি বৃদ্ধি কৰিছে বিজেপিৰ মিত্ৰজোঁট চৰকাৰে কিন্তু কংগ্ৰেছে প্ৰতাৰণা কৰিলে বিগত সময়চোৱাত । এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

তেজপুৰ ডিপোটাৰ অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়, চাহ শ্ৰমিকৰ শেহতীয়াকৈ ৫০ টকা মজুৰি বৃদ্ধি কৰা কৰিছে । কংগ্ৰেছ চৰকাৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে ৷ চাহ শ্ৰমিকৰ মজুৰি বিষয়ত গুৰুত্ব নিদিলে ৷ কিন্তু বিজেপিৰ মিত্ৰজোঁট চৰকাৰে দুবাৰকৈ মজুৰি বৃদ্ধি কৰিলে এবাৰ ৩০ টকা আৰু শেহতীয়াকৈ ৫০ টকা । শেহতীয়াকৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে চাহ শ্ৰমিকৰ লগত পাত তুলি নাটক কৰিলে বুলি মন্তব্য প্ৰকাশ কৰে সোণোৱালে ৷

পৃথ্বীৰাজ ৰাভাৰ হৈ এখন নির্বাচনী প্ৰচাৰত সৰ্বানন্দ সোণোৱাল

কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে আজি অসমৰ ৰাইজে সিদ্ধান্ত লৈছে কিন্তু এই কংগ্ৰেছৰ লগত সাম্প্ৰদায়িক শক্তি এআইইউডিএফ-ৰ লগত যি মিত্ৰতা কৰিলে সেয়া অপবিত্ৰ বুলি আখ্যা দিয়ে সোণোৱালে । "2019 চনত সাংসদ নিৰ্বাচনত কংগ্ৰেছে এই এআইইউডিএফ-ক সাম্প্ৰদায়িক বুলি অভিহিত কৰিছিল আৰু আজি মিত্ৰতা কৰিছে । কংগ্ৰেছৰ দিনত অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজন ঘটিল আৰু অসমৰ ৮৬০ জন লোক শ্বহীদ হ'ল ৷ গতিকে এই কংগ্ৰেছক ৰাইজে উচিত শিক্ষা দিব" সৰ্বানন্দ সোণোৱালে কয় ৷

নিৰ্বাচনী প্ৰচাৰ সভাত পৃথ্বীৰাজ ৰাভাক তেজপুৰীয়া ৰাইজে বিপুল ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ প্ৰতিশ্ৰুতি লৈ সভাতেই ৰাভাক মুখ্যমন্ত্ৰীয়ে এখন গামোচা পিন্ধাই 1 লাখ 80 হাজাৰ ভোটাৰৰ ভিতৰত 1 লাখ ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক: তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.