চতিয়া,১১ জুন: বৃহস্পতিবাৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে পল্লৱ লোচন দাসৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকে ৷ ২৬ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰা হ'ব বাৰেচহৰীয়া ভাওনা সাংস্কৃতিক প্ৰকল্প ৷
লগতে পঢ়কঃ ডকমকাত আটক দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ
উল্লেখ্য যে,মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষন-প্ৰসংগত জাতীয় জীৱনত জামুগুৰি হাটৰ বাৰেচহৰীয়া ভাওনাৰ যি তাৎপৰ্য,যি গুৰুত্ব সেয়া উঠি অহা প্ৰজন্মৰ মাজত জগাই তুলিব লাগিব বুলি কয় ৷ ভৱিষ্যতৰ প্ৰজন্মই যাতে এই পৰম্পৰা সন্মান সহকাৰে আগুৱাই নিব পাৰে তাৰ বাবে গুৰুজনাৰ নামেৰে প্ৰতিজ্ঞাবদ্ধ হৈ সকলোৱে নিষ্ঠাৰে অগ্ৰসৰ হোৱাৰ কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷