তেজপুৰ,২৪ মে' :চতুৰ্থ লক ডাউনৰ মাজতে সুদূৰ পুনেৰ পৰা চাইকেলৰে যাত্ৰা কৰি আজি তেজপুৰত পালেহি গহপুৰৰ শংকৰ মেধি নামৰ এজন যুৱক ৷ সম্পূৰ্ণ ৯ দিন একেৰাহে চাইকেল চলাই আহি দেওবাৰে যুৱকজন উপস্থিত হয় তেজপুৰ বিশ্ববিদ্যালয়ত থকা মাণ্ডলিক কোৱাৰেণ্টাইন চেণ্টাৰত ৷ জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ পুনেৰ এটা কোম্পানীত কৰ্মৰত আছিল শংকৰ মেধি ৷কিন্তু কৰ'ণা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যুৱকজনে চাইকেল চলাই নিজ গৃহলৈ অহাৰ সিদ্ধান্ত লয় ৷ ইয়াৰ পিছত 9 দিনৰ অন্তত আজি তেজপুৰৰ মাণ্ডলিক কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হয় যুৱকজন ৷
![Sankar Medhi of Gohpur in Tezpur by cycling from Pune](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-24may-802-vispix-pune-praabkumardas-7203907_24052020194005_2405f_1590329405_845.jpg)
উল্লেখযোগ্য যে শোণিতপুৰ জিলাত এই বৰ্তমানলৈকে কোৱাৰেণ্টাইনত থকা ১৪ জন লোক মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷আনহাতে তেজপুৰ মেডিকেল কলেজত ইতিমধ্যে ৬৪৩৪ জন লোকৰ COVID -১৯ ৰ নমুনা পৰীক্ষা কৰা হৈছে৷ ইয়াৰ ভিতৰত ২৩ জন প'জিটিভ পোৱাৰ লগতে ৬২৪৫ জনৰ নিগেটিভ পোৱা গৈছে ৷
লগতে পঢ়কঃচৰকাৰে খবৰ লৈছেনে শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ !