ETV Bharat / state

পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ঢেকীয়াজুলিবাসীক - ঢেকীয়াজুলি

শোণিতপুৰৰ ঢেকীয়াজুলি সমষ্টিত স্পষ্ট ৰূপত উন্নয়নৰ প্ৰকৃত ছবি । মিছামাৰীৰ ২নং ধানমৰা আৰু গংগা নগৰ সংযোগী পথটোক লৈ তাহানিৰ পৰাই সমস্যাৰ সন্মুখীন হৈ আহিছে ৰাইজে । পথচোৱা আজিকোপতি মেৰামতি বা পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দুৰ্ভোগ ভূগিবলগীয়া হৈছে ।

ঢেকীয়াজুলিৰ পথৰ দুৰৱস্থা
ঢেকীয়াজুলিৰ পথৰ দুৰৱস্থা
author img

By

Published : Feb 24, 2021, 12:13 PM IST

ৰঙাপৰা,২৪ ফেব্ৰুৱাৰী: চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা-বিষয়া তথা কৰ্মচাৰী । সমান্তৰালকৈ অপৰিৱৰ্তিত হৈ থাকে পথৰ দুৰৱস্থা । বছৰ বছৰ ধৰি আমোলা-বিষয়া তথা কৰ্মচাৰীৰ বিৰুদ্ধে আঁচনি ৰূপায়ণৰ নামত সংঘটিত হয় লুণ্ঠনৰাজৰ । এনেকৈয়ে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ মিছামাৰীৰ ২নং ধানমৰা আৰু গংগা নগৰ সংযোগী পথটোৰ মেৰামতিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহলৰ সমষ্টিতেই উন্মোচিত হৈছে পথৰ দুৰাৱস্থা । পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতো ধানমৰা-গংগা নগৰ সংযোগী পথচোৱা আজিকোপতি নিৰ্মাণ নহ'ল । যাৰ ফলত এই পথটোক লৈ তাহানিৰ পৰাই সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ । পথচোৱা আজিকোপতি মেৰামতি বা পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দুৰ্ভোগ ভূগিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

ঢেকীয়াজুলিত উন্নয়নৰ প্ৰকৃত ছবি

পথচোৱা বাৰিষাত বোকাময় আৰু খৰালিত দিনত ধূলিময় হৈ পৰে । পথচোৱা নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজে চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে । যি সময়ত বিজেপি চৰকাৰখনে ৰাজ্যখনত বাট-পথ উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে, তেনে সময়ত মিছামাৰীৰ উক্ত পথচোৱা বছৰৰ পিছত বছৰ ধৰি বিধ্বস্ত অৱস্থাত পৰি থাকিল । নিৰ্বাচনৰ সময়ত ৰাইজৰ কাষলৈ ভোট বিচাৰি আহি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও, নিৰ্বাচিত হোৱাৰ পাচত সমষ্টিৰ ৰাইজক পাহৰি যায় এইসকল নেতাই ।

লগতে পঢ়ক: জিলা পুথিভঁৰাল প্ৰাংগণত আৰম্ভ মঙলদৈ গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.