ETV Bharat / state

ৰে'ল বিভাগে পথ বন্ধ কৰাক লৈ ৰঙাপৰাত ক্ষুব্ধ স্থানীয় ৰাইজ - ব্যতিক্ৰমী প্ৰতিবাদ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত এটি গুৰুত্বপূৰ্ণ পথ ৰে'ল বিভাগে বন্ধ কৰাক লৈ ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ নিতৌ গাঁওখনত বসবাস কৰি থকা ৮ শৰো অধিক পৰিয়াল আৰু ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰা পথচোৱা বন্ধ কৰাক কেন্দ্ৰ কৰি দেওবাৰে স্থানীয় ৰাইজে সাব্যস্ত কৰে ব্যতিক্ৰমী প্ৰতিবাদ ৷

ROAD CLOSED AT RANGAPARA
ৰে'লৱে বিভাগে পথ বন্ধ কৰাক লৈ ৰঙাপৰাত ক্ষুব্ধ স্থানীয় ৰাইজ
author img

By

Published : Feb 28, 2021, 9:36 PM IST

Updated : Feb 28, 2021, 10:46 PM IST

ৰঙাপৰা,28ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ ৰঙাপৰাত এটি গুৰুত্বপূৰ্ণ পথ ৰে'ল বিভাগে বন্ধ কৰাক লৈ ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ দেওবাৰে ইয়াকে লৈ স্থানীয় ৰাইজে সাব্যস্ত কৰে ব্যতিক্ৰমী প্ৰতিবাদ ৷ উল্লেখ্য যে,ৰঙাপৰা-তেজপুৰ লোক নিৰ্মাণ বিভাগৰ সংযোগী পথটিৰ সৈতে সংযোগ আছে ১ নং নামনিগাঁৱৰ পথচোৱা৷ উক্ত পথচোৱাৰে নিতৌ গাঁওখনত বসবাস কৰি থকা ৮ শৰো অধিক পৰিয়াল আৰু ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰে ৷ কিন্তু তেনে সময়তে, শনিবাৰে গাঁৱখনলৈ যোৱা পথচোৱাৰ ওপৰেদি ৰঙাপৰা-ডেকাৰগাঁও সংযোগী ব্ৰডগজ ৰেলপথচোৱাৰ সুৰক্ষাৰ দোহাই দি দুয়োমূৰে পকাৰ খুঁটা পুতি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰে'ল বিভাগে ৷ ইয়াকে লৈ স্থানীয় ৰাইজে পথচোৱা বন্ধ কৰাৰ ক্ষেত্ৰত ৰে'লৱে বিভাগক বাধা প্ৰদান কৰে ৷

ৰে'ল বিভাগে পথ বন্ধ কৰাক লৈ ৰঙাপৰাত ক্ষুব্ধ স্থানীয় ৰাইজ

দেওবাৰে বিয়লি স্থানীয় মহিলাসকলে উক্ত ৰে'ল পথচোৱাত এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যাসূচী ৰূপায়ণ কৰে ৷ ১ নং নামনিগাঁৱলৈ যোৱা পথচোৱা যদিহে ৰে'ল বিভাগে সুৰক্ষাৰ দোহাই দি অনিৰ্দিষ্টকাললৈ বন্ধ কৰে তেতিয়াহলে অনাগত দিনত ৰাইজে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব সেইয়া অনুধাৱন কৰোৱাৰ উদ্দেশ্যৰে স্থানীয় মহিলাসকলে ওলাই আহি পথচোৱাৰ দুয়োমূৰে বাঁহ বান্ধি দিয়ে ৷ লক্ষণীয়ভাৱে, বাঁহ বান্ধি পথচোৱাত ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰাত যাতায়াত সম্পূৰ্ণ ভাৱে বন্ধ হৈ পৰে ৷ তদুপৰি পথচোৱা বন্ধ নকৰিবলৈ ৰে'ল বিভাগক কাকূতি-মিনতি কৰি পথচোৱাত যাতায়াত ব্যৱস্থা বন্ধ হ'লে ৰোগীক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা সৃষ্টি হোৱাৰ লগতে বিপদৰ সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী, এম্বুলেঞ্চৰ দৰে বাহন যাব নোৱাৰাৰ কথা উল্লেখ কৰে ৰাইজে ৷

লগতে পঢ়কঃচামগুৰিত ৰকিবুল হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ

Last Updated : Feb 28, 2021, 10:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.