চতিয়া,10এপ্ৰিল: অধ্যয়নৰ বাবে লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ থকা অৱস্থাত শনিবাৰে মহানগৰীৰ নুনমাটিত এক শোকাৱহ পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হৈ সম্প্ৰতি সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মেধাৱী ছাত্ৰ বিশাল হাজৰিকা৷ জামুগুৰিহাটৰ হাজৰিকাচুক নিৱাসী বতু হাজৰিকা আৰু মেৰী হাজৰিকাৰ একমাত্ৰ পুত্ৰ তথা গুৱাহাটীস্থিত জি আই এম টিত ডি-ফাৰ্মৰ ছাত্ৰ বিশালে শনিবাৰে সন্ধিয়া বাইকৰে গৈ থকা অৱস্থাত নুনমাটিত এক দুৰ্ঘটনাত পতিত হৈ গুৰুত্বৰ ভাৱে আহত হোৱা বিশালক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নাৰেংগীৰ গেট হস্পিতালত৷ কিন্তু এই দুৰ্ঘটনাত মূৰ, ভৰি, হাতৰ লগতে শৰীৰৰ বিভিন্ন অংশত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত বিশালৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰিছে দিল্লীৰ এইমচলৈ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ বিশালৰ জীৱনলৈ নামি অহা এই দুৰ্যোগৰ সময়ত পৰিয়ালৰ লোকে কোনো সদাসয় ব্যক্তিৰ পৰা সহায় বিচাৰিছে ৷ লগতে কোনো হৃদয়ৱান ব্যক্তিয়ে আৰ্থিক অনুদান আগবঢ়াবলৈ বিচাৰিলে মুকুল বৰুৱা, একাউন্ট নং - ৫০২৫৫৭৬১৬৮৭ এলাহাবাদ বেঙ্ক, তেজপুৰ শাখা, আই, এফ, এচ, চি- ২২০৬৩৭ ত সহায় আগবঢ়াব পাৰিব৷
গুৱাহাটীত ছাত্ৰৰ পথ দুৰ্ঘটনা; উন্নত চিকিৎসাৰ বাবে এইমছলৈ প্ৰেৰণ - serious-condition
গুৱাহাটীত পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত জামুগুৰিহাটৰ ছাত্ৰ ৷ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ এইমচলৈ ৷ আৰ্থিক অনুদান বিচাৰি আহ্বান পৰিয়াল-শুভাকাংক্ষীৰ ৷
চতিয়া,10এপ্ৰিল: অধ্যয়নৰ বাবে লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ থকা অৱস্থাত শনিবাৰে মহানগৰীৰ নুনমাটিত এক শোকাৱহ পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হৈ সম্প্ৰতি সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মেধাৱী ছাত্ৰ বিশাল হাজৰিকা৷ জামুগুৰিহাটৰ হাজৰিকাচুক নিৱাসী বতু হাজৰিকা আৰু মেৰী হাজৰিকাৰ একমাত্ৰ পুত্ৰ তথা গুৱাহাটীস্থিত জি আই এম টিত ডি-ফাৰ্মৰ ছাত্ৰ বিশালে শনিবাৰে সন্ধিয়া বাইকৰে গৈ থকা অৱস্থাত নুনমাটিত এক দুৰ্ঘটনাত পতিত হৈ গুৰুত্বৰ ভাৱে আহত হোৱা বিশালক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নাৰেংগীৰ গেট হস্পিতালত৷ কিন্তু এই দুৰ্ঘটনাত মূৰ, ভৰি, হাতৰ লগতে শৰীৰৰ বিভিন্ন অংশত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত বিশালৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰিছে দিল্লীৰ এইমচলৈ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ বিশালৰ জীৱনলৈ নামি অহা এই দুৰ্যোগৰ সময়ত পৰিয়ালৰ লোকে কোনো সদাসয় ব্যক্তিৰ পৰা সহায় বিচাৰিছে ৷ লগতে কোনো হৃদয়ৱান ব্যক্তিয়ে আৰ্থিক অনুদান আগবঢ়াবলৈ বিচাৰিলে মুকুল বৰুৱা, একাউন্ট নং - ৫০২৫৫৭৬১৬৮৭ এলাহাবাদ বেঙ্ক, তেজপুৰ শাখা, আই, এফ, এচ, চি- ২২০৬৩৭ ত সহায় আগবঢ়াব পাৰিব৷
উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ এইমচলৈ
#আৰ্থিক অনুদান বিছাৰি আহ্বান পৰিয়াল-শুভাকাংক্ষীৰ ৷
Body:চতিয়া: অধ্যয়ণৰ বাবে লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ থকা অৱস্থাত যোৱা শনিবাৰে গুৱাহাটীৰ নুনমাটিত এক শোকাৱহ পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হৈ সম্প্ৰতি সংকত জনক অৱস্থাত চিকিৎসাধিন হৈ আছে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ মেধাৱী ছাত্ৰ বিশাল হাজৰিকা৷ জামুগুৰিহাটৰ হাজৰিকাচুক নিৱাসী বতু হাজৰিকা আৰু মেৰী হাজৰিকাৰ একমাত্ৰ পুত্ৰ তথা গুৱাহাটীস্থিত জি আই এম টিত ডি - ফাৰ্মৰ ছাত্ৰ বিশালে যোৱা শনিবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত বাইকৰে গৈ থকা অৱস্থাত নুনমাটিত এক দুৰ্ঘটনাত পতিত হৈ গুৰুত্বৰ ভাৱে আহত হোৱা বিশালক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নাৰেংগীৰ গেত হস্পিতালত৷ কিন্তু, এই দুৰ্ঘটনাত মূৰ, ভৰি, হাতৰ লগতে শৰীৰৰ বিভিন্ন অংশত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত বিশালৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰিছে দিল্লীৰ এইমচলৈ৷ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ সন্তান, অমায়িক স্বভাৱৰ বিশালে পিতৃ -মাতৃৰ মুখত হাঁহি বিৰিঙোৱাৰ সপোন দেখি অধ্যয়ণত নিমগ্ন হোৱাৰ সময়তে যুৱক জনৰ দুৰ্ঘটনাত যেন সৰগ ভাগি পৰিল দৰিদ্ৰ পিতৃ- মাতৃৰ মূৰত৷ কাৰণ, বিশালক সুস্থ কৰি তুলিবলৈ এতিয়া প্ৰয়োজন বহু লক্ষাধিক টকাৰ৷ আনহাতে, জামুগুৰিহাটৰ যুৱক জনৰ এই দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেঁওৰ বন্ধু মহল তথা শুভাকাংক্ষীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে বিভিন্ন স্তৰত অনুৰোধ জনাইছে আৰ্থিক অনুদানৰ বাবে৷ Conclusion:উল্লেক্ষ্য যে, আজি বিয়লি গেট হস্পিটালৰ পৰা উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰা ২২ বছৰীয়া ছাত্ৰ বিশালক সুস্থ কৰি তুলিবলৈ এতিয়া প্ৰয়োজন আপোনাৰ সহায়ৰ৷ আৰ্থিক ভাৱে অতিকৈ দুৰ্বল পৰিয়ালৰ ছাত্ৰ বিশালৰ জীৱনলৈ নামি অহা এই দুৰ্যোগৰ সময়ত কোনো হৃদয়ৱান ব্যক্তিয়ে আৰ্থিক অনুদান আগবঢ়াবলৈ বিচাৰিলে মুকুল বৰুৱা, একাউন্ট নং - ৫০২৫৫৭৬১৬৮৭ এলাহাবাদ বেঙ্ক, তেজপুৰ শাখা, আই, এফ, এচ, চি- ২২০৬৩৭ ত সহায় আগবঢ়াব পাৰিব৷ কিয়নো, বিশালক পূৰ্বৰ দৰে সুস্থ সৱল কৰি তুলিবলৈ এতিয়া প্ৰয়োজন আপোনাৰ যৎকিঞ্চিৎ সহায়ৰ৷
Pransankar bhuyan
ETV BHARAT
Assam