ETV Bharat / state

তেজপুৰত অগ্নিনিৰ্বাপক বাহনৰ খুন্দাত নিহত 1, আহত 1

author img

By

Published : Mar 14, 2020, 6:02 PM IST

তেজপুৰত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ খুন্দাত থিতাতে নিহত হীৰেন নাথ নামৰ এজন যুৱক ৷ আনহাতে গুৰুতৰভাবে আহত হয় বন্দিতা নেওগ নামৰ এগৰাকী যুৱতী ৷ ঘটনাক কেন্দ্ৰ কৰি বৰডুবিয়া বকুল তলত অঞ্চলত স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷

তেজপুৰ
স্হানীয় ৰাইজে পথ অবৰোধ

তেজপুৰ, 14 মাৰ্চঃ শনিবাৰে তেজপুৰত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ তেজপুৰৰ পৰা ঢেকিয়াজুলি অভিমুখে যোৱা এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ খুন্দাত থিতাতে নিহত হয় হীৰেন নাথ নামৰ এজন যুৱক ৷ আনহাতে গুৰুতৰভাবে আহত হয় বন্দিতা নেওগ নামৰ এগৰাকী যুৱতী ৷ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাৰ পাছতেই বৰডুবিয়া বকুল তলত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷

আৰক্ষীৰ ভাষ্য অনুসৰি, তেজপুৰৰ দিশৰ পৰা ঢেকিয়াজুলি অভিমুখে তীব্ৰ বেগত যোৱা অগ্নিনিৰ্বাপক বাহনখনে প্ৰথমতে যুৱতী গৰাকীক খুন্দিয়াই ৷ বীমা কোম্পানীৰ এজেণ্ট যুৱতীগৰাকী দুৰ্ঘটনা সংঘটিত কৰা বাহনখনতে উঠাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল অভিমুখে লৈ যোৱা অৱস্থাতে তীব্ৰ বেগী বাহনখনে বৰডুবিয়াত বিপৰীত দিশৰ পৰা AS-12-H-5030 নম্বৰ মটৰচাইকেলত আহি থকা গৃহৰক্ষী জোৱান হিৰেন নাথক খুন্দা মাৰে ৷ ফলত ঘটনাস্থলীতে নিহত হয় যুৱকজন ৷

উল্লেখ্য যে, নিহত আৰু আহত দুয়োগৰাকীয়েই বিহগুৰি অঞ্চলৰ বাসিন্দা ৷ এই শোকাবহ ঘটনাৰ পাছতেই ক্ষোভিত লোকে বৰডুবিয়া বকুলতলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় এঘন্টা সময় ধৰি অৱৰোধ কৰি ৰাখে ৷ পথচোৱাত গতিৰোধকৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে পথ দূৰ্ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৷ পথ অৱৰোধৰ বাবে ৰাষ্ট্ৰীয় পথৰ দুয়ো দিশে বহু সংখ্যক যান বাহন আৱদ্ধ হৈ পৰে ৷ ইপিনে দুৰ্ঘটনাস্থলীৰ পৰা নিহত যুৱকজনৰ মৃতদেহ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

তেজপুৰত অগ্নিনিৰ্বাপক বাহনৰ খুন্দাত নিহত 1, আহত 1

আনহাতে, ইয়াৰ পূৰ্বে একেখন বাহনে খুন্দিয়াই আহত কৰা যুৱতীগৰাকীও তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ দুটাকৈ শোকাবহ দূৰ্ঘটনা সংঘটিত কৰা অগ্নিনিৰ্বাপক বাহিনীৰ চালকজনক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷

আৰু পঢ়কঃ সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.