তেজপুৰ,২1 এপ্ৰিল : এজন সেনা বিষয়াই কুকুৰক নিৰ্মম বাবে গুলীয়াই হত্যা কৰা ঘটনাই হতচকিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷ এই অমানৱীয় ঘটনা সংঘটিত হৈছে তেজপুৰত ৷
তেজপুৰৰ বাসিন্দা তথা জম্মুত কৰ্মৰত ১১১ টেৰিটৰিয়েল সেনাবাহিনীৰ কেপ্তেইন ৰাজীৱ ফুকনে নিজৰ অনুজ্ঞাপত্ৰ থকা ১২বৰৰ্ ডাবোল বেৰেলৰ বন্দুকৰে এটা পথৰ কুকুৰক গুলীয়াই হত্যা কৰে ৷ আৰক্ষীৰ তথ্য মতে সেনা বিষয়াজনে তেজপুৰৰ হলেশ্বৰস্থিত নিজা বাসগৃহত তেওঁৰ পোহনীয়া কুকুৰটোক এই গৰাকীবিহীন পথৰ কুকুৰে কামুৰাত ফুকনে তেওঁৰ ঘৰৰ অনুজ্ঞাপত্ৰ থকা ১২ বৰৰ্ ডাবোল বেৰেলৰ বন্দুকৰে সোমবাৰে বিয়লি প্ৰায় ৪ বজাত শূন্য দুৰত্বৰ পৰা কুকুৰটোক গুলীয়াই হত্যা কৰে ৷
ইতিমধ্যে শালনীবাৰী আৰক্ষীয়ে সেনাবাহিনীৰ কেপ্তেনৰ জনৰ পৰা এটা অনুজ্ঞাপত্ৰ থকা বন্দুক আৰু দুই জাই সজীৱ গুলী জব্দ কৰিছে ৷ অন্যহাতে আৰক্ষীয়ে কুকুৰটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো সম্ভাৱনা আছে ৷ এই ঘটনাৰ পাছতেই সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক : চৰ অঞ্চলত কভিড-19 নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কলে ডাঃ ইলিয়াছ আলীয়ে ?