ৰঙাপৰা, 27 জানুৱাৰী: 72 সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষ্যে তেজপুৰৰ সাংবাদিক সকলৰ ব্যতিক্ৰমী অনুষ্ঠান ৷ ঢোল-তাল, বিহু গীতৰ সুৰেৰে মুখৰিত হৈ পৰিল জীয়াভৰলী নৈৰ পাৰ ৷ দৈনিক ব্যস্ততাৰ পৰা আতৰি প্ৰকৃতিৰ সৈতে সময় পাৰ কৰিলে সাংবাদিক সকলে ৷ বন্ধু সৈতে এসাঁজ খোৱাৰ বাবে ব্যতিক্ৰমী ধৰণে নৈৰ পাৰত আয়োজন কৰিলে বনভোজৰ ৷ অত্যাধুনিক জাকজমকতা বৰ্জন কৰি স্থানীয় শিল্পী সকলক লগত লৈ আনন্দ-ফূৰ্তিৰ মাজেৰে তৃপ্তিৰে এসাঁজ খালে সাংবাদিকৰ দলটোৱে ৷
উল্লেখ্যে যে,ৰঙাপৰাৰ তিনিজন সাংবাদিকে এই ব্যতিক্ৰমী পদক্ষেপেৰে অনুষ্ঠিত কৰে এক সুকীয়া বনভোজৰ ৷ জ্যেষ্ঠ সাংবাদিক পংকজ নাথ,ধনেশ্বৰ কলিতা আৰু আব্দুল ৱাছিদে পদক্ষেপ লোৱা এই বনভোজত বিহু আৰু অসমীয়া আধুনিক গীতেৰে আনন্দত মতলীয়া হৈ পৰে সাংবাদিক সকলৰ লগতে আন আন বনভোজৰ দল সমূহ ৷
লগতে পঢ়ক: ধিঙত উলহ-মালহেৰে বাথৌ পূজা পালন