তেজপুৰ, 9 আগষ্ট : উগ্ৰপন্থীৰ গুলিত নিহত হোৱা অসমৰ প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াক সোমবাৰে তেজপুৰত স্মৰণ কৰিলে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্য সকলে ৷ 1991 চনৰ 9 আগষ্টত সাংবাদিক গৰাকীক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল ৷ সাংবাদিক গৰাকীৰ হত্যাৰ 30 বছৰ সম্পূৰ্ণ হোৱা দিনটোত সোমবাৰে সন্ধিয়া তেজপুৰস্থিত সাংবাদিক সন্থাটোৰ কাৰ্যালয়ত সদস্যসকলে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷
সংস্থাৰ সদস্যসকলৰ লগতে জাৰ্নেলিষ্ট ইউনিয়ন অব অসমৰ সহকাৰী সম্পাদক প্ৰণৱ কুমাৰ দাসেও তেঁওৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত এক অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে সংবাদকৰ্মী সকলে ৷
সাংবাদিক অৰ্ণব কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটো সাংবাদিক সংস্থাটোৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰে ৷
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংবাদকৰ্মী সকলে দেশে-বিদেশে সাংবাদিক সকল বিভিন্ন সমাজবিৰোধী চক্ৰৰ লক্ষ্য হৈ পৰাৰ বিপৰীতে হত্যাৰ বলি হোৱা বিষয়টোত ক্ষোভ তথা উদ্বিগ্নতা প্ৰকাশ কৰে ৷ লগতে সাংবাদিকসকলৰ হত্যাকাৰীকো বহু সময়ত আৰক্ষী তথা তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিব নোৱৰা তথা যথোপযুক্ত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব নোৱৰা কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ 75 সংখ্যক স্বাধীনত দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন ?
ইফালে বৰ্তমান বহু প্ৰত্যাহ্বানৰ মাজতো নিষ্ঠা সহকাৰে সংবাদ সেৱা কৰি থকা সাংবাদিকৰ অভাৱ হোৱা নাই বুলি মত প্ৰকাশ কৰে অনুষ্ঠানত উপস্থিত তথা সংবাদকৰ্মী সকলে ৷ আনহাতে, সাংবাদিক মনোজ কুমাৰ শইকীয়াই পৰিৱেশ আৰু পৰিস্থিতি সলনি হোৱাৰ লগে লগে সংবাদ মাধ্যমৰ ধাৰাও সলনি হোৱা বুলি মন্তব্য কৰে ৷ তেঁও কয় যে, বহু সাংবাদিকে বিপদগ্ৰস্ত সকলক প্ৰচাৰহীন ভাবে হাতে কামে সহায় কৰি গৈছে ৷
এগৰাকী জ্যেষ্ঠ ফটো সাংবাদিক সমীৰ কৰে বৰ্তমান ৰাজ্যৰ গৰিষ্ঠসংখ্যক সাংবাদিকেই তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা বুলি মন্তব্য কৰে ৷
সমীৰ কৰে কয় যে, সংবাদকৰ্মী সকলৰ বাবে নিজৰ সময়ৰ কাম সদয়েই প্ৰিয় ৷ তেতিয়া আৰু এতিয়া বুলি কোনো কথা নাই বুলি উল্লেখ কৰি তেঁও লগতে কয় , সময়ৰ লগে লগে সংবাদ মাধ্যমৰ প্ৰতি নতুন প্ৰত্যাহ্বান আহিছে ৷ যাৰবাবে মফচলীয়া সাংবাদিক সকল যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলিও তেঁও আক্ষেপ প্ৰকাশ কৰে ৷
উল্লেখযোগ্য যে, ক'ডিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ দ্বাৰা এইবাৰ এই কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰিবলগীয়া হয় ৷
লগতে পঢ়কঃ ETV Exclusive : অসমলৈ ক’ৰ পৰা কেনেকৈ সৰবৰাহ হয় ড্ৰাগছ ?