ETV Bharat / state

বড়োলেণ্ডত কেঁচা চাহপাতৰ উচিত মূল্য নাপায় ক্ষুদ্ৰ চাহ খেতিয়কসকলে - কেঁচা চাহপাত

উত্তৰপাৰত থকা ক্ষুদ্ৰ চাহ খেতিয়ক সকলক কাৰিকৰী ভাৱে অধিক সৱল আৰু উদ্যমী কৰি তোলাৰ লক্ষ্যৰে বৃহস্পতিবাৰে ৰঙাপৰাৰ ঠাকুৰবাৰীত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰপাৰৰ পৰামৰ্শ কেন্দ্ৰৰ সৌজন্যত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমাৰোহ ও প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হৈ যায় ।

বড়োলেণ্ডত কেঁচা চাহপাতৰ উচিত মূল্য নাপায় ক্ষুদ্ৰ চাহ খেতিয়কসকলে

author img

By

Published : Jan 8, 2021, 8:17 PM IST

ৰঙাপৰা,8 জানুৱাৰীঃ বড়োলেণ্ডত একাংশ নিবনুৱা যুৱকে নিজকে সংস্থাপিত হৈ আন দহজনক সংস্থাপন দিয়াৰ উদ্দেশ্যৰে পৃথকে পৃথকে নিজৰ ভূমিত ক্ষুদ্র চাহ বাগিচা সমূহ স্থাপন কৰি কৰিছে । কিন্তু ক্ষুদ্র চাহ খেতিয়ক সকলৰ চাহ বাগিচাত উৎপাদিত কেঁচা চাহপাতৰ উচিত মূল্যৰ লাভ কৰাৰ পৰা আজিও বঞ্চিত হৈ আহিছে । উল্লেখ্য যে, উত্তৰপাৰত থকা ক্ষুদ্ৰ চাহ খেতিয়ক সকলক কাৰিকৰী ভাৱে অধিক সৱল আৰু উদ্যমী কৰি তোলাৰ লক্ষ্যৰে বৃহস্পতিবাৰে ৰঙাপৰাৰ ঠাকুৰবাৰীত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰপাৰৰ পৰামৰ্শ কেন্দ্ৰৰ সৌজন্যত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমাৰোহ ও প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হৈ যায় ।

বড়োলেণ্ডত কেঁচা চাহপাতৰ উচিত মূল্য নাপায় ক্ষুদ্ৰ চাহ খেতিয়কসকলে

উক্ত শিৱিৰত উপস্থিত থকা বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ উপদেষ্টা ৰবিৰাম বড়োক সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত কয় যে, বড়োলেণ্ডৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত প্ৰায় ১২ হাজাৰৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে । ক্ষুদ্ৰ চাহ খেতিয়কসকলে গুণগত চাহপাত উৎপাদন কৰাৰ ক্ষেত্ৰত সদায় প্ৰচেষ্টা চলাই আহিছে আৰু বড়োলেণ্ডত কেঁচা চাহপাতৰ গুণগত মানদণ্ড যথেষ্টখিনি উন্নত । কিন্তু চাৰিখন জিলাত থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাত বিক্ৰী কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । পৰ্যাপ্ত চাহ ফেক্টৰী নথকাৰ ফলত গুণগত চাহপাতৰ যি উচিত মূল্য পাব লাগিছিল সেই মূল্যৰ পৰা খেতিয়কসকল বঞ্চিত হৈ আহিছে ।

বড়োলেণ্ডত থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৩০ টকাৰ পৰা ৩৫ টকা প্ৰতি কেজিত চাহপাতৰ মূল্য লাভ কৰি আহিছে । লগতে তেঁও কয় ক্ষুদ্ৰ চাহ খেতিয়কসকলে অতি কষ্টৰে উন্নতমানৰ কেঁচা চাহপাত উৎপাদন কৰি আহিছে যদিও উচিত মূল্যৰ পৰা সদায় চাহ কোম্পানী সকলে বঞ্চিত কৰি আহিছে । নিজৰ মুনাফা আদায়ৰ বাবে চাহ বনিক গোষ্ঠীসকলে চাহ পাতৰ উচিত মূল্য প্ৰদান নকৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিৰুদ্ধে চাহ কোম্পানীবোৰে প্ৰায়েই অভিযোগ তোলে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদিত কেঁচা চাহপাতবোৰ উন্নতমানৰ নহয় । এই অভিযোগ তেখেতে পোনচাটে নাকচ কৰি চাহ কোম্পানীসকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি কেৱল শোষণ চলাই অহাৰ কথা সদৰী কৰে ।

লগতে পঢ়কঃ অসমৰ জাতীয়তাবাদ আজি সংকটৰ গৰাহত : লুৰীণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.