তেজপুৰ, ৭ ডিচেম্বৰ : হিমালয়ৰ পাদদেশত থকা বিস্তীৰ্ণ বনভূমিৰ পৰিমাণ হ্ৰাস হোৱাত বিশেষকৈ দেওহাঁহ আৰু নল গাহৰিৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট পৰিমাণে কমি আহিছে ৷ 1995 চনত নল গাহৰি সংৰক্ষণৰ বাবে গ্ৰেট ব্ৰিটেইনৰ Durrell Wildlife Conservation Trust লগত ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা অসমৰ চৰকাৰৰ বন বিভাগৰ লগত যৌথভাৱে নল গাহৰি সংৰক্ষণৰ বাবে এক প্ৰকল্প যুগুত কৰা হৈছিল ৷
Pygmy Hog Conservation Programme নামৰ উক্ত প্ৰকল্পৰ অধীনত প্ৰথমে গুৱাহাটীৰ বশিষ্ঠত আৰু তাৰ পিছত ২০০৪ চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পোতাশালিত উন্নতমানৰ নল গাহৰিৰ সংৰক্ষণ কেন্দ্ৰ স্থাপন কৰা হয় ৷ প্ৰায় ২০ বছৰত ভৰি দিয়া উক্ত কেন্দ্ৰই বিশেষ সফলতাও অৰ্জন কৰিবলৈ সক্ষম হয় ৷
সাধাৰণতে ওখ ঘাঁহনিত নিজৰ মুক্ত বিচৰণস্থলী নিৰ্বাচন কৰা অত্যন্ত শান্ত আৰু নিৰ্জু চৰিত্ৰৰ দুষ্প্ৰাপ্য নল গাহৰিৰ ওজন প্ৰায় ৬ৰ পৰা ৯ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু স্থানীয় জনজাতীয় লোকসকলে ইয়াক টাকুৰী বৰাহ বুলিও কয় ৷ Durrell Wildlife Conservation Trustৰ দায়িত্বত থকা ভবেন হাজৰিকাই জনোৱা মতে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 2011-2015 বৰ্ষত সংৰক্ষণ কেন্দ্ৰত লালন-পালন কৰাৰ পিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুঠ ৫৯ টা এনে নল গাহৰি মুকলি কৰি দিয়া হয় আৰু বৰ্তমান ইয়াৰ সংখ্যা বৃদ্ধি হৈ ১৩০-১৫০ৰ পৰ্যন্ত হৈছে ৷
ইয়াৰোপৰি অলপতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১৮ টা নল গাহৰি মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে ৷ বৰ্তমান বশিষ্ঠত ৫৪ টা আৰু নামেৰীত ৩৯ টাসহ মুঠ ৯৩ টা গাহৰি বৈজ্ঞানিক পদ্ধতিৰে ঘাহঁজাতীয় উদ্ভিদ ৰোপণৰ উপৰিও বৈদ্যুতিক তাঁৰৰে চৌহদত বেৰ দি সংৰক্ষণ কৰা হৈছে ৷ তাৰোপৰি ২০২০ চনত হোৱা ছোৱাইন ফ্লুৰ পৰা সাৱধানতা অৱলম্বনৰ বাবে সংৰক্ষণ কেন্দ্ৰটোত সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি জৈৱ বৈচিত্ৰ সুৰক্ষিত অঞ্চল হিচাবে ঘোষণা কৰা হয় ৷
উল্লেখনীয় যে ২০২০, ২০২১ আৰু ২০২২ বৰ্ষতো মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্ৰাপ্য প্ৰজাতিৰ নল গাহৰি মুকলিকৈ এৰি দিয়া হয় আৰু ২০২৫ চনৰ ভিতৰত মুঠ ৬০ টা নল গাহৰি পুনৰ মুকলি কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : প্ৰায় ১০ হাজাৰ ভাৰতীয় বিদেশী কাৰাগাৰত বন্দী; বৈদেশিক মন্ত্ৰালয়ৰ তথ্য