ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত বুধবাৰে নিশা বনৰীয়া হাতীয়ে দুটাকৈ বাসগৃহ ভাঙি পেলোৱাৰ লগতে বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় এজন লোক৷ ৰঙাপৰাৰ কলনী চাহ বাগিচাখত নিশা খাদ্যৰ সন্ধানত প্ৰৱেশ কৰা হাতী তিনিটাই সুনীল কৰ্মকাৰ আৰু গণেশ কৰ্মকাৰৰ দুটাকৈ বাসগৃহ ভাঙি দিয়ে পুৱতি নিশালৈকে সন্ত্ৰাস চলোৱা হাতীৰ জাকটোৰ আক্ৰমণত দুলু কৰ্মকাৰ নামৰ এজন বৃদ্ধ গুৰুতৰভাৱে আহত হয় । পাছত লোকজনক কলনী চাহ বাগিচাখৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে । ৰঙাপৰাৰ চাহ বাগিচা অঞ্চলত বন্য হস্তীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পাছতেোবন বিভাগে হাতীৰ জাকটো পুনৰ বনাঞ্চললৈ খেদি পঠোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহন নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷
ৰঙাপৰাত বন্যহস্তীৰ সন্ত্ৰাসঃ হাতীৰ আক্ৰমণত আহত 1 - চিকিৎসা
বুধবাৰে ৰঙাপৰাৰ কলনী চাহ বাগিচাত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ নিশা খাদ্যৰ সন্ধানত অহা তিনিটাকৈ বনৰীয়া হাতীয়ে চলাই সন্ত্ৰাস ৷