ETV Bharat / state

বিদ্যুতৰ অভাৱত গছৰ তলতে শিক্ষাগ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

ৰঙাপৰাৰ সোনাজুলি মধ্য ইংৰাজী বিদ্যালয়ত নাই বিদ্যুতৰ সংযোগঃ নানান সমস্যাৰ মাজত শিক্ষাৰ্থীয়ে গছ তলত বহি কৰিবলগীয়া হৈছে শিক্ষাগ্ৰহণ ৷

বিদ্যুতৰ অভাৱত গছ তলত বহি শিক্ষাগ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ
author img

By

Published : Aug 19, 2019, 4:04 AM IST

ৰঙাপৰা,18আগষ্টঃ ৰাজ্যৰ শিক্ষা বিভাগৰ অভিলাসি আঁচনিয়ে ঢুকি নোপোৱা এখন বিদ্যালয় ৷ য'ত গছৰ তলত বঢ়িয়েই পাঠ গ্ৰহণ কৰিব লগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে ৷ ৰঙাপৰাৰ সোনাজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে উৎকট গৰমৰ বাবেই এনেদৰে বিদ্যালয়ৰ চৌহদৰ গছৰ তলত বহিয়ে পাঠগ্ৰহণ কৰিবলগীয়া হৈছে ৷ ১৯৯১ চনৰ ১৯ নৱেম্বৰতে প্ৰাদেশিকীৰণ হোৱা বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰী অনুপাতে নাই ডেস্ক- বেঞ্চ, নাই বিদ্যুত সংযোগ। উল্লেখ্য যে, শিক্ষা অধিকাৰ আইনখন প্ৰণয়ন হ’ল যদিও বিদ্যালয়খনত মুঠ ৭৪২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ ৮ গৰাকী শিক্ষক। ১০-১২ কিলোমিটাৰ নিলগৰ পৰা চাইকেল মাৰি অহা ছাত্ৰ-ছাত্ৰী সকলে পৰ্যাপ্ত ডেস্ক-বেঞ্চ নথকাৰ বাবেই মাটিত বহিয়ে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে ৷

Intro:ৰঙাপৰাৰ সোনাজুলি মধ্য ইংৰাজী বিদ্যালয়ত নাই বিদ্যুতৰ সংযোগঃ নানান সমস্যাৰ মাজত শিক্ষাৰ্থীয়ে গছ তলত বহি কৰিবলগীয়া হৈছে পাঠদান ৷Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আজি গছৰ তলত বহিয়েই পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে ৷ ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে বিদ্যালয়সমূহৰ আন্তগাঠনি উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে ঠিক তেনে সময়তে ৰঙাপৰাৰ সোনাজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে উৎকট গৰমৰ বাবেই এনেদৰে বিদ্যালয়ৰ চৌহদৰ গছৰ তলত বহিয়ে পাঠ গ্ৰহন কৰিবলগীয়া হৈছে ৷ সোনাজুলি চাহ বাগিচাৰ অন্তৰ্গত ঢোককোৱা শাখাত ১৯৭৯ চনত সোনাজুলি মধ্য ইংৰাজী বিদ্যালয়খন স্থাপন কৰা হৈছিল। ১৯৯১ চনৰ ১৯ নৱেম্বৰত প্ৰাদেশিকীৰন হোৱা বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰী অনুপাতে নাই ডেস্ক- বেঞ্চ, নাই বিদ্যুত সংযোগ। উল্লেখ্য যে, শিক্ষা অধিকাৰ আইনখন প্ৰণয়ন হ’ল যদিও বিদ্যালয়খনত মুঠ ৭৪২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ ৮ গৰাকী শিক্ষক। ১০-১২ কিলোমিটাৰ নিলগৰ পৰা চাইকেল মাৰি অহা ছাত্ৰ-ছাত্ৰী সকলে পৰ্যাপ্ত ডেস্ক-বেঞ্চ নথকাৰ বাবেই মাটিত বহিয়ে পাঠ গ্ৰহন কৰিবলগীয়া হৈছে ৷ বিদ্যালয়খনত আজিও নহ’ল বিদ্যুতৰ সংযোগ। উৎকট গৰমত সমগ্ৰ ৰাজ্য দহি থকা সময়ত বিদ্যালয়খনত বিদ্যুতৰ সংযোগ নথকাৰ বাবেই শিক্ষাৰ্থী সকলে গছৰ তলত বহিয়ে পাঠ গ্ৰহন কৰি আহিছে ৷ বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ৷ বিদ্যালয়খনৰ চৌহদত থকা এটা দমকলৰ পানী গ্ৰহন কৰি আহিছে ছাত্ৰ-ছাত্ৰী সকলে ৷ আনহাতে ৰঙাপৰা উন্নয়ন খণ্ডৰ অধীনত সোনাজুলি মধ্য ইংৰাজী বিদ্যালয়খনত ২০০৯ চনত আৰ্যভট্ৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল। ৰঙাপৰাৰ সোনাজুলি মধ্য ইংৰাজী বিদ্যালয়ত বিদ্যুতৰ সুব্যৱস্থা নথকাৰ বাবেই চৰকাৰৰ তৰফৰ পৰা দিয়া কম্পিউটাৰ গ্ৰহন কৰিব নোৱাৰিলে। নানান সমস্যাৰ মাজত বিদ্যালয়খনে আজিও পাঠ গ্ৰহন কৰিবলগীয়া হোৱা পাছতে কিন্তু সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত শিক্ষা বিভাগে আজিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰিলে৷Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.