ETV Bharat / state

সহপাঠীৰ চুৰিৰ আঘাতত আহত ছাত্ৰ - সহপাঠীৰ চুৰিৰ আঘাতত আহত ছাত্ৰ

চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত সপ্তম শ্ৰেণীৰ এজন ছাত্ৰই চুৰিৰে খুচি আহত কৰিলে বিদ্যালয়খনৰ আন দুজন ছাত্ৰক ৷ বিদ্যালয়ৰ পাঠদান চলি থকা সময়তেই সংঘটিত হয় এই ঘটনা ৷

AS_Rangapara_school-student-stabb-friend_vis_ASC10041
সহপাঠীৰ চুৰিৰ আঘাতত আহত ছাত্ৰ
author img

By

Published : Feb 13, 2021, 4:46 PM IST

ৰঙাপৰা,13 ফেব্ৰুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰৰ চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা ৷ সহপাঠীৰ মাজৰ কাজিয়াই ল’লে ভয়ংকৰ ৰূপ ৷ এজন ছাত্ৰই চুৰিৰে খুচি আহত কৰিলে দুজনকৈ সহপাঠীক ৷

ঘটনা অনুসৰি, চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত সপ্তম শ্ৰেণীৰ এজন ছাত্ৰই চুৰিৰে খুচি আহত কৰিলে বিদ্যালয়খনৰ আন দুজন ছাত্ৰক ৷ বিদ্যালয়ৰ পাঠদান চলি থকা সময়তেই তিনিও ছাত্ৰৰ মাজত কোনো কথাক লৈ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিছতেই ছাত্ৰজনে চুৰিৰে আঘাতপ্ৰাপ্ত কৰে আন দুজন ছাত্ৰক ৷

আহত দুয়োজন ছাত্ৰকে বিদ্যালয় কৰ্তৃপক্ষই চাৰিদুৱাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ আনহাতে, আনজন ছাত্ৰক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ কিন্তু বিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰই পাঠদান চলি থকাৰ মাজতে সহপাঠীক চুৰিৰে আঘাতপ্ৰাপ্ত কৰিবলৈ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক-চন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.