ETV Bharat / state

বিধ্বস্ত পথ! স্তব্ধ জনজীৱন! নৰৱ জনপ্ৰতিনিধি !

মিছামাৰী-ধনখনা সংযোগী পথৰ বিধ্বস্ত ৰূপ । পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। মৰণ ফান্দলৈ পৰিণত হৈছে বিধ্বস্ত পথসমূহ।

পথ নে পুখুৰী ধৰিবকে নোৱাৰি !
author img

By

Published : May 24, 2019, 9:23 PM IST

ৰঙাপৰা,২৪ মে' : বিধ্বস্ত হৈ পৰিছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ একাংশ পথ ৷ মিছামাৰীত কেইবাটাও গড়কাপ্তানি আৰু গ্ৰামাঞ্চলৰ পথ বিধ্বস্ত হৈ পৰাত এতিয়া যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হৈছে সমগ্ৰ অঞ্চলবাসীয়ে ।

পথ নে পুখুৰী ধৰিবকে নোৱাৰি !

মেৰামতিৰ অভাৱত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে মিছামাৰীৰ গৰুবন্ধা-ধনখনা চাৰিআলি সংযোগী পথচোৱা ৷ ধনখনা মধ্য ও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লেতেৰা পানী গছকিয়ে দৈনিক অহা-যোৱা কৰিবলগীয়া হৈছে । সম্প্ৰতি মৰণ ফান্দলৈ পৰিণত হৈছে বিধ্বস্ত পথসমূহ । ইমানৰ পাছতো পথ সমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধি সকলে চকু মুদা কুলিৰ ভাও ধৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷

Intro:মিছামাৰী-ধনখনা সংযোগী পথৰ বিধ্বস্ত ৰূপঃ যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিছে ৰাইজ, ছাত্ৰ-ছাত্ৰী।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ একাংশ পথ অতি বিধ্বস্ত হৈ পৰিছে। মিছামাৰীত কেইবাটাও গড়কাপ্তানি আৰু গ্ৰামাঞ্চলৰ পথ বিধ্বস্ত হৈ পৰাত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হৈছে। মিছামাৰীৰ গৰুবন্ধা-ধনখনা চাৰিআলি সংযোগী পথচোৱা মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে।।ধনখনা মধ্য ও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লেতেৰা পানী গছকি অহা-যোৱা কৰিবলগীয়া হৈছে। পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। মৰণ ফান্দলৈ পৰিণত হৈছে বিধ্বস্ত পথসমূহ। ইমানৰ পাছতো পথ সমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধি সকলে চকু মুদা কুলিৰ ভাও ধৰি।অহাৰ অভিযোগ উত্থাপিত হৈছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.