ETV Bharat / state

বিজেপিক ভোট নিদিয়ে ৰঙাপৰা বাসীয়ে ! - সাংসদ পল্লৱ লোচন দাস

পথৰ অভাৱত ৰঙাপৰাৰ গোপাল ঠাকুৰবাসী ৰাইজৰ মাজত হাহাকাৰ ৷ বিজেপি দলৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ সংকল্প স্থানীয় ৰাইজৰ ৷

বিজেপিক ভোট নিদিয়ে ৰঙাপৰা বাসীয়ে
বিজেপিক ভোট নিদিয়ে ৰঙাপৰা বাসীয়ে
author img

By

Published : Mar 2, 2021, 3:50 PM IST

ৰঙাপৰা, 2মাৰ্চঃ সভাই সমিতিয়ে উন্নয়নৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনত হোৱা নাই উন্নয়ন ৷ বিশেষকৈ প্ৰতিদিনাই ৰাস্তাৰ অভাৱত যমৰ যাতনা ভুগিব লগা হৈছে ৰাজ্যবাসীয়ে ৷ পথৰ অভাৱত ৰঙাপৰাৰ গোপাল ঠাকুৰবাসী ৰাইজে কান্দিব লগীয়া পৰিস্থিতি আহি পৰিছে ৷ এই অঞ্চলৰ ৰাইজে পথৰ অভাৱত বিপদ সংকূল ভাৱে যাত্ৰা কৰে ৰেল পথৰ মাজেৰে ৷

ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ অন্তৰ্গত ১নং ৱাৰ্ডৰ দৈনিক বজাৰ-গোপাল ঠাকুৰ পথটি জৰাজীৰ্ণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে যাতায়তৰ ক্ষেত্ৰত আজিও দুৰ্ভোগ ভুগি আহিছে । তাৰোপৰি অঞ্চলটোত পানী নিষ্কাসনৰ ক্ষেত্ৰত উন্নত মানৰ নলা-নৰ্দমা নথকাৰ ফলত বাৰিষাৰ কালত উক্ত পথচোৱাত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে । বছৰৰ পিছত বছৰ ধৰি উক্ত পথচোৱা নিৰ্মাণ তথা মেৰামতি নোহোৱাৰ ফলত স্থানীয় একাংশ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে উপায় বিহীন হৈ ৰঙাপৰা-ডেকাৰ গাঁও সংযোগী ৰে’ল পথচোৱাৰ ওপৰেদি বিপদ সংকূল ভাৱে অহা-যোৱা কৰি আহিছে । পথচোৱাৰ বাবে ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি অহাৰ অভিযোগ উঠিছে ।

বিজেপিক ভোট নিদিয়ে ৰঙাপৰা বাসীয়ে

শেহতীয়াকৈ পথচোৱাত নিৰ্মাণ কাম চলি আছিল যদিও হঠাৎ ৰে’লৱে প্ৰশাসনিক বিষয়াই পথচোৱাৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে । উল্লেখ্য যে, ৰঙাপৰা পৌৰসভাৰ কাৰ্যালয়ে এই পথচোৱা নিৰ্মাণৰ বাবে ধন আবণ্টন দিছিল । কিন্তু পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ ল’বলৈ ৰাইজে তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাসক বাৰম্বাৰ অনুৰোধ জনাইছিল যদিও সেয়া বাস্তৱত ৰূপায়ণ নহ’ল । যাৰ বাবে অঞ্চলবাসী ৰাইজে ক্ষুভ প্ৰকাশ কৰিছে ৷ আনহাতে, আগন্তুক দিনত বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে অঞ্চলবাসী ৰাইজে ৷

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.