ETV Bharat / state

ৰঙাপাৰাত উদ্ধাৰ দুটাকৈ হাতী পোৱালী

author img

By

Published : Jul 24, 2019, 6:58 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পৰা উদ্ধাৰ হয় দুটাকৈ হাতী পোৱালী ৷ বিগত ১৬ জুলাইত তাৰাজুলী চাহ বাগিচাত এটি ছয়মহীয়া বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হোৱাৰ এদিনৰ পিছতে তাৰাজুলি চাহ বাগিচাত উদ্ধাৰ হয় আন এটা ছয় বছৰীয়া আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালী । এসপ্তাহৰ ভিতৰত বাগিচাখনত দুটাকৈ হাতীৰ পোৱালী এনেদৰে উদ্ধাৰ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক।

ৰঙাপাৰা

ৰঙাপৰা, 24 জুলাইঃ প্ৰলয়ংকাৰী বানৰ কবলত ৰাজ্যৰ পশুকূল ৷ বানৰ ফলত অৰণ্যৰ পৰা ওলাই আহি যেনি-তেনি পলাইছে পশুকূল ৷ ফলত চলিত মাহত শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পৰা উদ্ধাৰ হয় দুটাকৈ হাতী পোৱালী ৷ বিগত ১৬ জুলাইত তাৰাজুলী চাহ বাগিচাত এটি ছয়মহীয়া বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হোৱাৰ এদিনৰ পিছতে তাৰাজুলি চাহ বাগিচাত উদ্ধাৰ হয় আন এটা ছয় বছৰীয়া আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালী ।

ঘটনা সন্দৰ্ভত চাহ বাগিচাখনৰ ২২ নম্বৰ লাইনত মাতৃৰ পৰা বিছিন্ন 6 মহীয়া হাতীৰ পোৱালীটো প্ৰত্যক্ষ কৰে একাংশ শ্ৰমিকে। ইয়াৰ পিছত বনৰীয়া হাতীৰ পোৱালীটো কুনকী হাতীৰ সহায়ত সোনাই-ৰূপাই অভয়াৰণ্যখনলৈ নি মাতৃৰ সৈতে লগলগাই দিয়ে বন বিভাগে। উক্ত ঘটনাৰ এদিন পিছতে ১৮ জুলাইৰ দিনা পুনৰ উক্ত বাগিচাখনৰ ২২ নম্বৰ লাইনত আন এটি 6 বছৰীয়া আঘাতপ্ৰাপ্ত হাতীৰ পোৱালী উদ্ধাৰ হয়। আগফালৰ সোঁ ভৰিত আঘাত প্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোঁহাইৰ সহায়ত চিকিৎসা প্ৰদান কৰি কিছু সুস্থ কৰি তোলা হয়। বৰ্তমানেও হাতীৰ এটা বৃহৎ জাকে বাগিচাখনত বিচৰণ কৰি আছে। এসপ্তাহৰ ভিতৰত বাগিচাখনত দুটাকৈ হাতীৰ পোৱালী এনেদৰে উদ্ধাৰ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক।

ৰঙাপাৰা

উল্লেখ্য যে, এমাহৰ পূৰ্ৱে 'লাডেন' নামৰ বনৰীয়া হাতীটোৰ পাছফালৰ ভৰিত কোনো দুস্কৃতিকাৰীয়ে লোহা ৰ’দ নিক্ষেপ কৰাত যন্ত্ৰণাত খোজ কাঢ়িব পৰা নাছিল হাতীটোৱে৷ চিকিৎসকে লাডেনক ট্ৰেংকুইলাজ কৰি চিকিৎসা প্ৰদান কৰিছিল। ক্ৰমান্বয়ে বনৰীয়া হাতীটো সুষ্ঠ হোৱা বুলি জানিব পৰা গৈছে যদিও বন্যহস্তীৰ মুক্ত বিচৰণে চিন্তিত কৰি তুলিছে ৰঙাপাৰাবাসীক ৷

Intro:ৰঙাপৰাত দুটাকৈ বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰঃ এটাক মাতৃৰ সৈতে মিলন, আনটোক চিকিৎসাধীনBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত চলিত মাহত দুটাকৈ বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হয়। যোৱা ১৬ জুলাইত তাৰাজুলী চাহ বাগিচা এটি ছয়মহীয়া বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হয়। ঠিক তাৰ এদিনৰ পাছতে তাৰাজুলি চাহ বাগিচাখনতে আন এটা ছয় বছৰীয়া আঘাত প্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হয়। চাহ বাগিচাখনৰ ২২ নং নম্বৰত বাগিচাৰ মাজত ছয় মহীয়া হাতীৰ পোৱালীটো মাতৃৰ পৰা বিচিন্ন হৈ বাগিচাখনত বিচৰন কৰি থকা প্ৰত্যক্ষ কৰিছিল একাংশ শ্ৰমিকে। ইয়াৰ পাছত বনৰীয়া হাতীৰ পোৱালীটো কুনকী হাতীৰ সহায়ত সোনাই-ৰূপাই অভয়াৰণ্যলৈ নি মাতৃৰ সৈতে মিলন কৰি দিয়া হয়। কিন্তু তাৰ এদিন পাছতো হঠাৎ ১৮ জুলাইৰ দিনা পুনৰ উক্ত বাগিচাখনৰ ২২ নং নম্বৰৰ উক্ত স্থানতে এটি ছয় বছৰীয়া আঘাতপ্ৰাপ্ত হাতীৰ পোৱালী উদ্ধাৰ হয়। আগফালৰ সোঁ ভৰিত আঘাত প্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোঁহাই সহায়ত হাতীৰ পোৱালীটোক চিকিৎসা প্ৰদান কৰি কিছু সুস্থ কৰি তোলা হয়। হাতীৰ পোৱালীটো প্ৰায় এবছৰ বয়সতে ওখ ঠাইৰ পৰা বাগৰি পৰাত ভৰিখনৰ এডাল হাড় ভঙাৰ ফলত আঘাত প্ৰাপ্ত হৈছিল। তাৰাজুলি চাহ বাগিচাখন বনৰীয়া হাতীৰ আশ্ৰয়স্থলী হিচাপে পৰিগনিত হৈ পৰিছে।বৰ্তমান হাতীৰ এটা বৃহৎ জাক বাগিচাখনত বিচৰন কৰি আছে। এসপ্তাহৰ ভিতৰত দুটাকৈ হাতীৰ পোৱালী বাগিচাখনত এনেদৰে উদ্ধাৰ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক। উল্লেখ্য যে, এমাহৰ পূৰ্ৱে 'লাডেন' নামৰ বনৰীয়া হাতীটোৰ পাছফালৰ ভৰিত কোনো দুস্কৃতিকাৰীয়ে লোহা ৰ’দ নিক্ষেপ কৰাত যন্ত্ৰণাত খোজ কাঢ়িব পৰা নাছিল। হাতীটোক চিকিৎসকে ট্ৰেংকুইলাজ কৰি চিকিৎসা প্ৰদান কৰিছিল। ক্ৰমান্বয়ে বনৰীয়া হাতীটো সুষ্ঠ হৈ উঠিছে। বৰ্তমান ৰঙাপৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি ত্ৰাসৰ সৃষ্টি কৰি আহিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.