ETV Bharat / state

Rangali bihu 2022: ৰাজ্যৰ চাৰিওপিনে ৰঙালীৰ ঢৌ

author img

By

Published : Apr 20, 2022, 5:24 PM IST

ৰাজ্যত ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু ফাংচন ৷ বিভিন্ন অঞ্চলৰ বিহু সন্মিলন সমূহে অনুষ্ঠিত কৰিছে মুকলি বিহু প্ৰতিযোগিতা (Rangali bihu celebration across Assam) ৷ প্ৰায় দুটা বছৰৰ অন্তত অসমৰ ৰাইজৰ প্ৰাণৰো প্ৰাণৰ হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰিবলৈ পাই মতলীয়া হৈ পৰিছে অসমবাসী ৷

rangali
ৰঙালীৰ ঢৌ

নিউজ ডেস্ক, 20 এপ্ৰিল : বিহু অসমীয়া প্ৰাণ ৷ অসমৰ আকাশ বতাহত এতিয়া ৰঙালীৰ সুবাস (Rangali bihu celebration across Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনে নিশাই চলিছে বিহু অনুষ্ঠান, বিহু কৰ্মশালা, মুকলি বিহু প্ৰতিযোগিতা আৰু ক’ত যে কি !

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰেলৱে’ খেল পথাৰত অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা (Rangali bihu 2022) ৷ উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবেলিও ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাই ঐতিহ্যমণ্ডিত ৰেলৱে খেল পথাৰত বিভিন্ন কাৰ্যসূচীৰে ৩৮ তম্ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ প্ৰতিযোগিতাখনিত জিলাখনৰ লগতে অন্য জিলাৰ পৰা অহা বিহুৱা দলসমূহে অংশ গ্ৰহণ কৰে ৷

rangali-
ৰঙালীৰ ঢৌ

ঢোল-পেঁপাৰ শব্দত ৰজনজনাই উঠে বিহুতলীৰ বাকৰি । প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে গহপুৰৰ নৱ পাৰিজাত বিহুৱা দলে, দ্বিতীয়স্থান লাভ কৰে কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱ বিহুৱা দলে আৰু তৃতীয়স্থান লাভ কৰে তেজপুৰৰ অগ্নিশিখা বিহুৱা দলে ৷

বাপতি সাহোন ব’হাগৰ বিহুটি এতিয়াও ঠায়ে ঠায়ে পৰম্পৰা অনুসৰি সাত দিনীয়াকৈ অনুষ্ঠিত কৰা হয় (Saat bihu name) ৷ ব’হাগৰ প্ৰথম তাৰিখৰ পৰা সাত তাৰিখলৈকে বিহু অনুষ্ঠিত কৰাৰ পুৰণি পৰম্পৰা এতিয়াও চহা অসমীয়াই ধৰি ৰাখিছে ৷ মাজুলী অভয়পুৰীয়া গাঁৱত গাঁৱৰ সকলো বোৱাৰী-জীয়ৰী একেলগ হৈ বহাগৰ পঞ্চমটো দিনত উদযাপন কৰিলে জেং বিহু ৷ এই জেং বিহুক গাভৰু বিহু অথবা জীয়ৰী বিহু বুলিও জনা যায় ৷

rangali-
ৰঙালীৰ ঢৌ

ৰঙালী বিহু উপলক্ষে পোন প্ৰথম বাৰৰ বাবে বিলাসীপাৰাৰ পুৰাণ লাউপাৰাত অনুষ্ঠিত কৰা হ’ল মুকলি বিহু (Mukoli bihu competition on Bohag bihu) । পুৰাণ লাউপাৰা আঠিয়াবাৰী ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত মুকলি বিহু অনুষ্ঠানত লাউপাৰা অঞ্চলৰ কণ কণ ছাত্ৰী, গাভৰু, যুৱতী আৰু বোৱাৰী সকলে একেলগে মাৰিলে জেং বিহু ৷ পোন প্ৰথম বাৰৰ বাবে পুৰাণ লাউপাৰাত অনুষ্ঠিত মুকলি বিহু অনুষ্ঠানত অংশ গ্ৰহণ কৰি উৎফুল্লিত হৈছে পৰে নাচনী সকল তথা গাওঁৰ ৰাইজ ।

বাক্সাত বিহুতলীৰ পৰা যুৱক- যুৱতীক ড্ৰাগছ আসক্ত নহবলৈ আহ্বান জুবলীৰ ৷ বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৫৮ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহুৰ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ১৮ এপ্ৰিলত সামৰণি পৰে ৷ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীলৈ ৰাইজৰ বিপুল সঁহাৰি দেখা গ’ল (Rangali 2022) ৷

ৰাজ্যৰ চাৰিওপিনে ৰঙালীৰ ঢৌ

খেল-ধেমালিৰ পৰা আৰম্ভ কৰি পিঠা-পনা বনোৱা, পৰিৱেশ নিকাকৰণ, বিহুৱান প্ৰতিযোগিতা আদি অনুষ্ঠানেৰে উদুলি মুদুলি হৈ পৰে বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ ৷ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় শিল্পী জুবলী, বিহুৱা ৰঞ্জিত গগৈ আৰু হিমাক্ষী স্বৰ্গীয়াৰীয়ে গীতৰ শৰাই আগবঢ়ায় ৷ সাংস্কৃতিক অনুষ্ঠানৰ শেষত কণ্ঠশিল্পী জুবলীয়ে ই টি ভিৰ আগত কয় যে, "দুবছৰৰ বিৰতিত ৰাইজে বিহু পাতিছে সেয়েহে সকলোৱে আনন্দেৰে বিহু উপভোগ কৰক ৷

যুৱক যুৱতী সকলে ড্ৰাগছৰ প্ৰতি আসক্ত নহৈ ভাল ভাল কাম কৰক, খেলা-ধুলা কৰক আৰু নিজকে সামাজিক কামত আত্মনিয়োগ কৰক ৷ জীৱনটো এটাই ইয়াক নিমিষতে হেৰাই যাবলৈ নিদিব" ৷

বঙাইগাঁও জিলাৰ চকিহালীত মহিলাৰ নেতৃত্বত উলহ-মালহেৰে ৰঙালী বিহু উৎযাপন কৰা দেখা গ’ল (Bohag bihu celebration in Assam) ৷ অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ পিছ পৰি থকা নাই মানিকপুৰৰ ৰাইজ । মানিকপুৰৰ চকিহালী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হয় মুকলি বিহু । ৫৯ তম চকিহালী আঞ্চলিক ৰঙালী বিহুৰ আয়োজক হিচাপে দেখা গ’ল নাৰী শক্তিক । চকিহালী অঞ্চলৰ এদল মহিলাই উলহ-মালহেৰে পালন কৰিলে ৰঙালী বিহু । প্ৰায় ১০ টাকৈ বিহুৱা দলে পৰিবেশন কৰিলে বিহু নৃত্য । মুঠৰ ওপৰত ঢোল পেঁপাৰ তালে তালে ৰঙালীৰ আনন্দত চকিহালী ৰাস মন্দিৰৰ বাকৰিত আত্মহাৰা বিহু বলীয়া ৰাইজ ।

লগতে পঢ়ক: বিহুতে নাচিবৰ মন : মাজুলীত ঢোলৰ চেঁৱত কঁকাল ঘূৰালে পৰ্যটকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.