ৰঙাপৰা, 3 জুলাই : মিছামাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা খৰস্ৰোতা বেলশিৰি নৈৰ(Belsiri River erosion) বুকুত বান্ধৰ ব্যৱস্থাৰে নৈৰ সূঁতি সলনি কৰি খহনীয়াৰ প্ৰতিৰোধত নামিল গঞা । চৰকাৰলৈ আশা নকৰি গাঁঠিৰ ধন ভাঙি, এবুকু পানীত নামি গঞাই শ্ৰমদানেৰে নৈখনৰ বুকুত নিৰ্মাণ কৰে বান্ধ ।
বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰতি ঘৰৰ পৰা বাঁহ সংগ্ৰহ কৰি নিৰ্মাণ কৰে বান্ধ (Belsiri river Embankment) । পাকৰিগুৰি, বেলশিৰি, মেজেংজুলি আৰু পূব মাদুৰিবিল গাঁৱৰ প্ৰায় শতাধিক লোকে নৈখনত বান্ধ নিৰ্মাণত ব্যস্ত হৈ পৰে । 'ৰাইজে নখ জোকাৰিলে নৈ বয়' আপ্ত বাক্যশাৰী সৰোগত কৰি নদীখনৰ বুকুত দলে-বলে নামি পৰে স্থানীয় লোকসকল ।
উল্লেখ্য যে, যোৱা ১৮ জুনত মিছমাৰী-বেলশিৰি-ঢেকীয়াজুলি সংযোগী পথচোৱাৰ বৰবিল পাকুৰিগুৰি গাঁৱত বেলশিৰি নৈখনৰ ওপৰত থকা পকী দলংখনৰ এটা অংশ বাঢ়নি পানীয়ে চিঙি নিয়ে (Flood at Missamari)। পথটি খহনীয়াৰ কবলত পৰি নিচ্ছিহ্ন হোৱাৰ পাছত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল ।
অৱশ্যে পকী দলংখনৰ সৈতে সংযোগ কৰি ৰাইজে সাজি লোৱা বাঁহৰ দলঙৰ ওপৰেদিয়েই উপায়বিহীন হৈ ৰাইজে অহা-যোৱা কৰিবলৈ বাধ্য হৈছে ।
লগতে পঢ়ক: Assam Flood: পিঠিত সাহায্য সামগ্ৰীৰ বস্তা লৈ বানাক্ৰান্তৰ কাষত ৰূপজ্যোতি কুৰ্মী