ETV Bharat / state

ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত চতিয়া আৰু বিশ্বনাথত মৌন সমদল - বিশ্বনাথ

ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত আৰু হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত জামুগুৰিহাট আৰু বিশ্বনাথৰ ৰাজপথত চিকিৎসকসকলে মমবাতি লৈ মৌন সমদল ৷

ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত চতিয়া আৰু বিশ্বনাথত মৌন সমদল
author img

By

Published : Sep 4, 2019, 12:00 AM IST

চতিয়া, ৩ চেপ্তেম্বৰঃ যোৰহাট জিলাৰ টিয়ক চাহ বাগিছাৰ একাংশ উন্মাদ শ্ৰমিকৰ বৰ্বৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত আৰু হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত জামুগুৰিহাটৰ ৰাজপথত চিকিৎসকসকলে প্ৰজ্বলিত মমবাতি লৈ মৌন সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চিকিৎসকসকলৰ উদ্যোগত উলিওৱা এই মৌন সমদল কাৰ্য্যসূচীত উত্তৰ জামুগুৰি ৩০খন বিচনাযুক্ত চিকাৎসালয়,জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ,কুসুমটোলা আদৰ্শ চিকিৎসালয়, ইটাখোলা স্বাস্থ্যকেন্দ্ৰ,চতিয়া প্ৰাথমিক চিকিৎসালয়,নাগশংকৰ চিকিৎসালয়,ভেলেওগুৰি স্বাস্থ্যকেন্দ্ৰ,ৰঙাচকুৱা স্বাস্থ্যকেন্দ্ৰ আৰু তেৱাৰিপাল স্বাস্থ্যকেন্দ্ৰৰ ১৫ গৰাকী চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মীৰ লগতে সচেতন লোকসকলেও অংশগ্ৰহণ কৰে ৷ জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰৰ পৰা সন্ধিয়া ৭ বজাত উলিওৱা এই সমদল জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজেদি পৰিভ্ৰমণ কৰি পুনৰ জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰত সামৰণি পেলোৱা হয় ৷ তেজপুৰ মহকুমা স্বাস্থ্য বিষয়া তথা চিকিৎসক ডাঃ ৰূপক বৰুৱা,জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ হৰেণ শইকীয়াকে আদি কৰি চিকিৎসকসকলে অংশগ্ৰহণ কৰা এই মৌন সমদলৰ জৰিয়তে টিয়কত চিকিৎসকৰ ওপৰত হোৱা এই বৰ্বৰ আক্ৰমণ তথা নৃশংস হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰাৰ লগতে বৰ্তমান কৰ্মৰত চিকিৎসক তথা কৰ্মচাৰীবৃন্দৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈও দাবী জনায় ৷

ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত চতিয়া আৰু বিশ্বনাথত মৌন সমদল
বিশ্বনাথৰ ৰাজপথত হাতে হাতে মমবাতি লৈ চিকিৎসক সকলৰ মৌন সমদল কাৰ্যসূচী। টিয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেবেন দত্তক নৃশংসভাৱে হত্যা কৰা আৰু ৰাজ্যত ক্ৰমান্বয়ে চিকিৎসকৰ ওপৰত চলা আক্ৰমণৰ প্ৰতিবাদত বিশ্বনাথ জিলাৰ চিকিৎসক সকলে ২৪ ঘন্টাৰ কৰ্ম বিৰতি পালন কৰাৰ লগতে আজি সন্ধিয়া বিশ্বনাথৰ ৰাজপথত হাতে হাতে মমবাতি লৈ চিকিৎসক কৰ্মচাৰী আৰু বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত মৌন সমদল কাৰ্যসূচী গ্ৰহণ কৰি টিয়ক কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Intro:চতিয়া, ৩ চেপ্তেম্বৰ- যোৰহাট জিলাৰ টিয়ক চাহ বাগিছাৰ একাংশ উন্মাদ শ্ৰমিকৰ বৰ্ৱৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া চিকিৎসক ডা° দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত আৰু হত্যাকাৰীক দৃষ্টান্তমুলক শাস্তিৰ দাবীত জামুগুৰিহাটৰ ৰাজপথত চিকিৎসকসকলে প্ৰজ্বলিত মমবাতি লৈ মৌণ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ৰহাট জিলাৰ টিয়ক চাহ বাগিছাৰ একাংশ উন্মাদ শ্ৰমিকৰ বৰ্ৱৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া চিকিৎসক ডা° দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত আৰু হত্যাকাৰীক দৃষ্টান্তমুলক শাস্তিৰ দাবীত জামুগুৰিহাটৰ ৰাজপথত চিকিৎসকসকলে প্ৰজ্বলিত মমবাতি লৈ মৌণ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷Body:উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চিকিৎসকসকলৰ উদ্যোগত উলিওৱা এই মৌণ সমদল কাৰ্য্যসুচীত উত্তৰ জামুগুৰি ৩০খন বিচনাযুক্ত চিকাৎসালয়,জামুগুৰি পৰিপুৰক স্বাস্থ্য কেন্দ্ৰ,কুসুমটোলা আদৰ্শ চিকিৎসালয়,ইটাখোলা স্বাস্থ্যকেন্দ্ৰ,চতিয়া প্ৰাথমিক চিকিৎসালয়,নাগশংকৰ চিকিৎসালয়,ভেলেওগুৰি স্বাস্থ্যকেন্দ্ৰ,ৰঙাচকুৱা স্বাস্থ্যকেন্দ্ৰ আৰু তেৱাৰিপাল স্বাস্থ্যকেন্দ্ৰৰ ১৫ গৰাকী চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মীৰ লগতে সচেতন লোকসকলেও অংশগ্ৰহণ কৰে৷জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰৰ পৰা সন্ধিয়া ৭ বজাত উলিওৱা এই সমদল জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজেদি পৰিভ্ৰমণ কৰি পুণৰ জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰত সামৰণি পেলোৱা হয়৷Conclusion:তেজপুৰ মহকুমা স্বাস্থ্য বিষয়া তথা চিকিৎসক ডা° ৰূপক বৰুৱা,জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডা° হৰেণ শইকীয়াকে আদিকৰি চিকিৎসকসকলে অংশগ্ৰহণ কৰা এই মৌণ সমদলৰ জৰিয়তে টিয়কত চিকিৎসকৰ ওপৰত হোৱা এই বৰ্বৰ আক্ৰমণ তথা নৃশংস হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰাৰ লগতে বৰ্তমান কৰ্মৰত চিকিৎসক তথা কৰ্মচাৰীবৃন্দৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈও দাবী জনায়৷
Byte- ৰুপক বৰুৱা,তেজপুৰ নহকুনা স্বাস্হ্য বিষয়া)

Pransankar bhuyan
Sootea
Etv bharat( Assam)
3/9/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.