ETV Bharat / state

ৰঙাপৰাত একাধিক দল-সংগঠনৰ চৰকাৰ বিৰোধী প্ৰতিবাদ

শেহতীয়াকৈ চৰ্চা লাভ কৰা বিষয়, ৰে'লসেৱা ব্যক্তিগতকৰণৰ লগতে ৰে'ল বিভাগৰ খালী পদ বিলোপৰ বিৰুদ্ধে শনিবাৰে ৰঙপৰা ৰে'লৱে ষ্টেচনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবাটাও দল-সংগঠনে ৷

protest against govt. in rangapara
protest against govt. in rangapara
author img

By

Published : Jul 11, 2020, 12:44 PM IST

ৰঙাপৰা, 11 জুলাইঃ শনিবাৰে ৰঙপৰা ৰে'লৱে ষ্টেচনৰ সন্মুখত অখিল ভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতি, CITU, এছ এফ আই আৰু ডি ৱাই এফ আইয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিকূল বতৰকো নেওচি শনিবাৰে পুৱাৰ ভাগত চাৰিওটা সংগঠৰ লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ শেহতীয়াকৈ চৰ্চা লাভ কৰা বিষয়, ৰে'লসেৱা ব্যক্তিগতকৰণৰ লগতে ৰে'ল বিভাগৰ খালী পদ বিলোপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই ৷

ৰঙাপৰাত কেইবাটাও দল-সংগঠনৰ চৰকাৰ বিৰোধী প্ৰতিবাদ

সমগ্ৰ দেশতে কৰ'ণা মহামাৰীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ১০৯ টা ৰে'লপথত চলাচল কৰা ১৫১ খন যাত্ৰীবাহী ৰে'লসেৱা, ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰি সংগঠন কেইটাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তক দেশ বিৰোধী সিদ্ধান্ত বুলি কৈ এই সিদ্ধান্তৰ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰোপৰি চৰকাৰে ৰে'ল বিভাগত 2 কোটি লোকক চাকৰি প্ৰদান কৰিব বুলি দিয়া আশ্বাসো সম্পূৰ্ণ নকৰিলে ৷ যাৰ বাবে আজি লক ডাউনৰ ফলত নিবনুৱা হৈ থকা কোটি কোটি লোক উপাৰ্জন অবিহনে থাকিবলগীয়া হৈছে ৷ চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে যি আশ্বাস প্ৰদান কৰে সেই আশ্বাস, শাসনত অহাৰ পাচত ফলপ্ৰসু নকৰে ৷ যাৰ বাবে এই চৰকাৰক পুঁজিপতি দালাল বুলি আখ্যা দিয়ে প্ৰতিবাদকাৰী লোকে ৷

কৰ'ণা মহামৰীৰ সুযোগ গ্ৰহণ কৰি চৰকাৰে দেশৰ সম্পত্তি বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে ৷ চৰকাৰক এনে সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায় সংগঠন কেইটাৰ সদস্য সকলে ৷ অন্যথা আগন্তুক দিনত ইয়াৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলিও সকীয়নি প্ৰদান কৰে তেওঁলোকে ৷ শনিবাৰে ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অসমীয়া জাতীয় ঐক্য মঞ্চৰ সম্পাদক আব্দুল ৰহিম, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ উপ সভাপতি উপেন্দ্ৰ কুমাৰ নাথ উপস্থিত থাকি, চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তই ইতিহাসত চৰম আঘাত হানিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃ মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.