ETV Bharat / state

বৃন্দাবন গোস্বামীক ক্ষমা বিচাৰিলে পৃথ্বীৰাজ ৰাভাই - পৃথ্বীৰাজ ৰাভা

সোমবাৰে নিৰ্বাচনী টিকট লাভ কৰি তেজপুৰত উপস্থিত হয় অগপ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভা ৷ অগপৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীক ভৰিত ধৰি তেওঁৰ সৈতে শত্ৰুতা নকৰিবলৈ অনুৰোধ জনায় পৃথ্বীৰাজ ৰাভাই ৷

prithiraj rabha saying sorry to brindaban goswami
বৃন্দাবন গোস্বামীক ক্ষমা বিচাৰিলে পৃথ্বীৰাজ ৰাভাই
author img

By

Published : Mar 8, 2021, 7:18 PM IST

Updated : Mar 8, 2021, 8:26 PM IST

তেজপুৰ,8 মাৰ্চ : অগপৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীক ভৰিত ধৰি অনুৰোধ জনালে অগপ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই ৷ সোমবাৰে নিৰ্বাচনী টিকট লাভ কৰি তেজপুৰত উপস্থিত হৈ এই অনুৰোধ জনালে পৃথ্বীৰাজ ৰাভাই ৷

বৃন্দাবন গোস্বামীক ক্ষমা বিচাৰিলে পৃথ্বীৰাজ ৰাভাই

অগপৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীক ভৰিত ধৰি অনুৰোধ জনাই পৃথ্বীৰাজ ৰাভাই কয় যে, ‘‘মোৰ সৈতে শত্ৰুতা নকৰিব ৷ মই আপোনাক বহুত শ্ৰদ্ধা কৰো আৰু আগলৈও কৰি যাম’’ ।

ইয়াৰ কাৰণ হৈছে বৃন্দাবন গোস্বামীয়ে টিকট নাপাই দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱৰ্তীৰ্ণ হোৱাৰ হুংকাৰ দিছিল । লগতে ৰাভাই কয় যে, 1967 চনত বিষ্ণু প্ৰসাদ ৰাভা তেজপুৰ বিধায়ক আছিল আৰু তেওঁৰ বক্তব্যৰ আধাৰত অসমে জ্যোতি চিত্ৰৱন লাভ কৰিলে ৷ সেইবাবে পুত্ৰ পৃথ্বীৰাজ ৰাভায়ো তেজপুৰ ৰাইজৰ পৰা এবাৰ সুযোগ বিচাৰিছ । তেওঁ বিষ্ণু প্ৰসাদ ৰাভাৰ সমাধিত উপস্থিত হৈ পিতৃৰ কালজয়ী গীত ‘‘ব’ল ব’ল ...আগবাঢ়ি যাওঁ ব’ল..’’ গীতৰ কথা আঁওৰাই সেই পথৰে আগবাঢ়ি যোৱাৰ ইংগিত দিয়ে ।

উল্লেখ্য যে, অগণন গুণমুগ্ধই শুভেচ্ছা জ্ঞাপন কৰি আদৰি আনে সংস্কৃতি বান ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰক । ৰাইজক আহ্বান জনাই পুত্ৰ ৰাভাই কয় যে, তেওঁ সদায় ৰাইজৰ মাজতে থাকিব আৰু ৰাজনৈতিক জীৱন কোনো কাৰণতে দীঘলীয়া কৰিব নিবিচাৰে ৷ কাৰণ নতুন প্ৰজন্মও ৰাজনীতিত অংশগ্ৰহণ কৰাতো অতিকৈ প্ৰয়োজন হৈ পৰিছে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত লুৰীণৰ মনোনয়ন পত্ৰ দাখিল

Last Updated : Mar 8, 2021, 8:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.