ETV Bharat / state

President Murmu in Assam: তেজপুৰত ছুখয় যুদ্ধ বিমানত চফৰ কৰিব ৰাষ্ট্ৰপতি মুৰ্মূৱে

author img

By

Published : Apr 7, 2023, 10:37 PM IST

অসম ভ্ৰমণৰ অন্তিম দিনাৰ কাৰ্যসূচীত তেজপুৰৰ বায়ুসেনা ঘাটিত উপস্থিত হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ (President Droupadi Murmu Assam visit) ৷ বায়ুসেনাৰ ঘাটিত উপস্থিত হৈ অত্যাধুনিক যুঁজাৰু বিমান ছুখয়ত উঠি পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতি মুৰ্মূৱে ৷

President Droupadi Murmu will be in Tezpur
ছুখয়ত চফৰ কৰিব ৰাষ্ট্ৰপতি মুৰ্মূৱে

তেজপুৰ, ৭ এপ্ৰিল: তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ (President Droupadi Murmu Assam visit) ৷ 6 এপ্ৰিলত বিয়লি যোৰহাটৰ ৰ’ৰৈয়া বিমানবন্দৰত অৱতৰণ কৰাৰ পিচতেই ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনাইছিল গৱৰ্ণৰ গুলাব চান্দ কাটাৰীয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

অহা 8 এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ অত্যাধুনিক যুঁজাৰু বিমান ছুখয়ত উঠি পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ লে কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ( Lt Colonel Mahendra Rawat) ৷ ৰাষ্ট্ৰপতিগৰাকীক বায়ুসেনা ঘাটিলৈ আদৰণি জনাব ভাৰতীয় বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডাৰ এছ পি ধাৰাৰাৰে (President Droupadi Murmu will be in Tezpur) ৷

ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাত উপস্থিত থাকিব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ (Assam Governor Gulab Chand Kataria) লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (President Murmu to visit Sukhoi fighter jet) ৷ ইফালে শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park)ৰ বাগৰি ৰেঞ্জত জীপ ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে কহৰাৰ গজ উৎসৱত অংশগ্ৰহণ কৰি হাতী ছাফাৰী কৰে (President Droupadi Murmu at Kaziranga) ৷

উল্লেখ্য যে, তেজপুৰ বায়ুসেনা বাহিনীৰ বিমান ঘাটি ( Air Force Station Tezpur) দেশৰ ভিতৰতে অন্যতম যুঁজাৰো বিমান ঘাটি হিচাপে পৰিচিত । এই বিমান ঘাটি ১৯৪২-৪৩ চনতে ব্ৰিটিছে নিৰ্মান কৰিছিল যদিও ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰতহে বায়ুসেনাৰ পূৰ্ণাংগ ঘাটিলৈ পৰিণত হয় । ইয়াৰোপৰি দেশৰ ৬০ টা বায়ুসেনা ঘাটিৰ ভিতৰতে অন্যতম যুঁজাৰো বিমান প্ৰশিক্ষণ কেন্দ্ৰ হ'ল তেজপুৰ এয়াৰ ফৰ্চ প্ৰশিক্ষণ কেন্দ্ৰ (Air force training Centre in Tezpur) ৷

বৰ্তমান দেশৰ প্ৰথম শাৰীৰ যুদ্ধ জাহাজ চুখয়-৩০ এম কে আই'ৰ বৃহৎ ঘাটিয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্ত তিব্বত, চীন, ম্যানমাৰ আৰু বাংলাদেশ আগুৰি আছে । উল্লেখ্য যে, ৰাষ্ট্ৰপতিগৰাকীৰ আগমণক লৈ তেজপুৰ বায়ুসেনা ঘাটিৰ লগতে কাষৰীয়া অঞ্চল তেজপুৰ চহৰতো প্ৰস্তুতি চলাইছে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাৰ দিশটোৰ (Security System for India President) প্ৰতি লক্ষ্য ৰাখি বিগত দুটা মাহ ধৰি সমগ্ৰ অঞ্চলটোত ১৪৪ ধাৰা বলৱৎ কৰি ৰখা হৈছে ৷ ইয়াৰোপৰি সমগ্ৰ অঞ্চলটোত নিষিদ্ধ কৰা হৈছে ড্ৰ'ণৰ চলাচল ৷

লগতে পঢ়ক: Kaziranga Elephant Festival 2023 : কাজিৰঙাত গজ‌ উৎসৱ মুকলি কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.