ETV Bharat / state

Tezpur LitFest 22: তেজপুৰ সাহিত্য উৎসৱ-২০২২ আয়োজনৰ প্ৰস্তুতি

author img

By

Published : Nov 14, 2022, 6:54 PM IST

অহা ৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব "তেজপুৰ সাহিত্য উৎসৱ-২০২২" (Tezpur LitFest 22)। তেজপুৰ চহৰৰ সমীপৰ দোলাবাৰীৰ নেৰিয়ালম চৌহদত (NERIWALM Campus) অনুষ্ঠিত হ'ব এই সাহিত্য উৎসৱ ।

Tezpur Litfest 22
তেজপুৰ সাহিত্য উৎসৱ -২০২২ৰ আয়োজন

তেজপুৰ, ১৪ নবেম্বৰ: দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ জনপ্ৰিয় লেখক-সাহিত্যিকৰ উপস্থিতিৰে তেজপুৰত প্ৰথমবাৰৰ অহা ৯ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব "তেজপুৰ সাহিত্য উৎসৱ-২০২২" (Tezpur Litfest 22)। এই সাহিত্য উৎসৱৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি আয়োজকসকলে সদৰি কৰিছে (Preparations to host Tezpur LitFest 2022) ।

তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান "তেজপুৰ একাডেমী অৱ লিটাৰেচাৰ এণ্ড এডুকেশ্বন" চমুকৈ টেলৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰীয়া ৰাইজৰ সহযোগত নেৰিয়ালম চৌহদত অনুষ্ঠিত হ'ব এই সাহিত্য উৎসৱত (Tezpur Academy of Literature and Education) । উক্ত সাহিত্য উৎসৱত অংশ গ্ৰহণ কৰিব প্ৰসিদ্ধ লেখক মামং দাই, মিত্ৰ ফুকন, ধ্ৰুব হাজৰিকা, অনুৰাধা শৰ্মা পূজাৰী, য়েছে দৰজে ঠংচি, শৰ্মিষ্ঠা প্ৰীতমৰ লগতে চলচ্চিত্ৰ তাৰকা ৰজত কাপুৰে ।

আয়োজক সমিতিৰ সভাপতি তথা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ তত্বাৱধানত লেখক-সাহিত্যিকসকলক আদৰিবলৈ 'টেল'ৰ কৰ্মকৰ্তাৰ লগতে আয়োজক সমিতিয়ে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে । এই সাহিত্য উৎসৱত লেখক-সাহিত্যিক সকলৰ সৈতে পাঠকৰ "মেজমেল","লেখকৰ সৈতে মুখামুখি-অন্তৰংগ আলাপ","সৃজনশীল লেখাৰ কৰ্মশালা","বহুভাষিক গদ্য-কবিতা পাঠ","থিতাতে কবিতা ৰচনা","শ্লেম কবিতা বা দৃশ্য শ্ৰাব্য কবিতা","ঘূৰণীয়া মেজমেল","সমূহীয়া বক্তৃতা" "কুইজ","গল্প পাঠ" আদি কাৰ্য্যসূচীৰ লগতে ৰুচীশীল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

উল্লেখ্য যে তেজপুৰ চহৰৰ সমীপৰ দোলাবাৰীৰ নেৰিয়ালম চৌহদত (NERIWALM Campus) অনুষ্ঠিত হ'বলগীয়া এই সাহিত্য উৎসৱ প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ সকলোৰে বাবে মুকলি থাকিব । তেজপুৰত প্ৰথমবাৰৰ বাবে আয়োজিত এই "তেজপুৰ সাহিত্য উৎসৱ-২০২২" ৰ সকলো কাৰ্যসূচীৰ বিষয়ে জানিবলৈ ৱেবছাইট www.tezpurlitfest.inত লগ ইন কৰিবলৈ এক বিবৃতিত আহ্বান জনাইছে তেজপুৰ সাহিত্য উৎসৱৰ আয়োজকসকলে ।

লগতে পঢ়ক:Felicitation Programme in Guwahati: APSCত উত্তীৰ্ণ আজমল একাডেমীৰ শিক্ষার্থীক সম্বৰ্ধনা বদৰুদ্দিন আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.