গুৱাহাটী, ২০ ছেপ্টেম্বৰ : আহিন মাহতো প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক ৷ প্ৰচণ্ড গৰমত অতিষ্ঠ হৈ পৰিছে জনতা । ছেপ্টেম্বৰৰ মাজভাগলৈ গৰম হ্ৰাস হোৱাৰ পৰিৱৰ্তে ক্ৰমাৎ বৃদ্ধিহে হ’বলৈ ধৰিছে । ইয়াৰ বিপৰীতে ৰাজ্যত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ । ফলত মানুহৰ স্বাস্থ্য তথা কৃষিত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ পৰিণতিৰ যেন এয়া আগজাননী সেয়া যেন প্ৰতিফলিত কৰিছে ।
বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, আগন্তুক পাঁচ দিনত ৰাজ্যৰ কিছু কিছু অঞ্চলতহে পাতলীয়া বৰষুণ হোৱাৰ সামান্য সম্ভাৱনা আছে । যদিহে আৰু এপষেকলৈ বৃষ্টিহীনতাৰ এই ধাৰা অব্যাহত থাকে, তেন্তে এইবাৰ ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস পোৱাটো নিশ্চিত বুলি সদৰী কৰিছে ৰাজ্যৰ বিভিন্ন ঠাইৰ কেইবাজনো কৃষকে ৷
উল্লেখ্য যে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰ আৰু শুকুৰবাৰে কেন্দ্ৰৰ অন্তর্গত ষ্টেচনকেইটাৰ ক’তো বৰষুণ হোৱা নাই । আনহাতে, ১৮ ছেপ্টেম্বৰত শেষ হোৱা সপ্তাহটোত অসমত বৃষ্টিপাত ঘাটিৰ পৰিমাণ ৮৬ শতাংশ ।
বৃহস্পতিবাৰৰ দৰে আজিও (শুকুৰবাৰ) সমগ্ৰ ৰাজ্যত অসম্ভৱ গৰম । গুৱাহাটীত আজি সৰ্বোচ্চ তাপমান আছিল ৩৮৹ চেলছিয়াছ । সাধাৰণতে থাকিবলগীয়া স্বাভাৱিক তাপমানতকৈ এই পৰিমাণ ৫.৬৹ চেলছিয়াছ বেছি আছে । কালি ডিব্ৰুগড়, যোৰহাট, লামডিং, মাজবাট, উত্তৰ লখিমপুৰ, শিলচৰ, তেজপুৰ আদি চহৰতো সৰ্বোচ্চ তাপমান স্বাভাৱিকতকৈ কেইবা ডিগ্ৰী বেছি আছিল ৷ এই তথ্য জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, চহৰ সৰ্বাধিক তাপমান স্বাভাৱিকতকৈ (চেলছিয়াছ) কিমান বেছি তলত উল্লেখ কৰা হ’ল -
- গুৱাহাটী ৩৮ ডিগ্ৰী - ৫.৬ ডিগ্ৰী
- ডিব্ৰুগড় ৩৭.৮ ডিগ্ৰী- ৬.৫ ডিগ্ৰী
- যোৰহাট ৩৭.১ ডিগ্ৰী- ৪.৬ ডিগ্ৰী
- মাজবাট ৩৭. ৯ ডিগ্ৰী- ৫.৯ ডিগ্ৰী
- উত্তৰ লখিমপুৰ ৩৭.৯ ডিগ্ৰী- ৫.৯ ডিগ্ৰী
- তেজপুৰ ৩৭.২ ডিগ্ৰী- ৫.৩ ডিগ্ৰী
- শিলচৰ ৩৮.৪ ডিগ্ৰী- ৫.৩ ডিগ্ৰী
(উৎস: আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, বৰঝাৰ)
অসমত এতিয়াও তাপমাত্ৰা স্বাভাৱিকতকৈ বেছি থকাৰ সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জয় ওনিল শ্ব'য়ে কয় যে-
এই সময়ছোৱাত দক্ষিণৰ পৰা বতাহ আহিব লাগে, কিন্তু সেয়া দুৰ্বল হৈ আছে । এইখিনি সময়ছোৱাতে ৰাজস্থান হৈ পশ্চিম বংগৰ মাজেৰে দক্ষিণ দিশৰ পৰা এক বতাহ আহিব লাগে, কিন্তু সেয়াও অহা নাই । হিমালয় দিশৰ পৰা এক বতাহ আহি আছে । যাৰ বাবে এই বতাহত আৰ্দ্ৰতা নাই । দক্ষিণ-পশ্চিমৰ পৰা অহা বতাহত আৰ্দ্ৰতা আছে ।
তলৰ যি বতাহ সেয়া তিব্বতৰ পৰা আহি থকাৰ বাবে আদ্ৰতা বৃদ্ধি হোৱা নাই । আকৌ নিদিৰ্ষ্ট সময়ত বতৰ সলনি নোহোৱাৰ বাবে বৰষুণৰ পৰিমাণো হ্ৰাস পাইছে । আনকি আকাশত ডাৱৰ সৃষ্টি নোহোৱাৰ বাবে আকাশখন ফৰকাল হৈ আছে । এনেবোৰ কাৰণত অসমত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাবিকতকৈ ৫ -৬ ডিগ্ৰী বেছি হৈ আছে ।