ETV Bharat / state

অৰুণাচলৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

author img

By

Published : Feb 25, 2019, 2:52 PM IST

ৰাজ্যখনত সেনাৰ ফ্লেগমাৰ্চ কৰাৰ লগতে ব্যাহত ৰখা হৈছে ইন্টাৰনেট সেৱা

অৰুণাচল মুখ্যমন্ত্ৰী

ইটানগৰ, ২৫ ফেব্ৰুৱাৰীঃ স্থায়ী নাগৰিকৰ প্ৰমাণ পত্ৰক লৈ অৰুণাচল প্ৰদেশত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ মুখ্য়মন্ত্ৰী প্ৰেমা খাণ্ডুৱে আহ্বান জনাইছে এক বিশেষ বৈঠক । ইটানগৰত ইতিমধ্যে আৰম্ভ হৈছে এই বৈঠক ।

সমগ্ৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল চৰকাৰে জৰুৰীকালীনভাৱে সোমবাৰে দিনৰ ভাগত আয়োজন কৰে সৰ্বদলীয় আৰু জনগোষ্ঠীয় সভাৰ । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত আৰম্ভ হৈছে এই বৈঠক । বৈঠকত ৰাজ্যবাসীক স্থায়ী নাগৰিকৰ প্ৰমাণ পত্ৰ প্ৰদানৰবিষয়ক লৈ ধৰ্ণা প্ৰদান কৰিবলৈ মানা কৰি চৰকাৰে এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে বুলি প্ৰকাশ কৰিছে । ৰাজ্যখনৰ মুখ্য সচিবৰ দ্বাৰা জাৰী কৰা এক নিৰ্দেশ যোগে এই কথা স্পষ্ট কৰি দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে । আনহাতে বিগত দুদিন ধৰি ৰাজ্যখনত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত এক আৰক্ষী আয়ুক্ত পৰ্যায়ৰ উচ্চস্তৰীয় তদন্ত কমিটি গঠন কৰা হ'ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এ্োে্িেীুিূৰহবৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.