ETV Bharat / state

Pre Bihu Celebration : তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু - তেজপুৰত ৰঙালী বিহু 2022

ৰঙালীক কেন্দ্ৰ কৰি উথপথপ ৰাজ্য ৷ কাইলৈ গৰু বিহু ৷ তাৰে প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা, প্ৰাক ৰঙালী বিহু উদযাপনকে ধৰি বাৰেৰহণীয়া কাৰ্যসূচী ৷ তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়(Pre Bihu celebration Jugal HS School) তো মঙলবাৰে উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু ৷

pre-bihu-celebration-jugal-hs-school-in-at-in-tezpur
তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু
author img

By

Published : Apr 13, 2022, 7:36 AM IST

তেজপুৰ, 13 এপ্ৰিল : চ'তে গৈয়ে গৈয়ে ব'হাগে পালেহি, ফুলিলে ভেবেলী লতা… এই চিৰন্তন সত্যকে সাৰোগত কৰি মঙলবাৰে উলহ-মালহেৰে তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপিত হ’ল প্ৰাক ৰঙালী বিহু(Pre Bihu celebration Jugal HS School) ৷ অসমীয়াৰ বাপতি সাহোন, হিয়াৰ আমঠু ৰঙালী বিহু(Rangali Bihu 2022)ক অধিক ৰহণীয়া সাংস্কৃতিক সমাৰোহলৈ পৰিণত কৰিলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷

pre-bihu-celebration-jugal-hs-school-in-at-in-tezpur
যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু

শ্ৰেণী অনুসৰি অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে প্ৰত্যেক শ্ৰেণীৰ পৰাই এটাকৈ বিহুদলে বিহু নাচ পৰিৱেশন কৰাৰ লগতে অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ঝুমুৰ, চাওতালী, বৈচাগু আৰু দুটা জেং বিহু নৃত্য পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে ৷

বিহু নৃত্য পৰিৱেশন

এনেদৰে বাৰে ৰহণীয়া কাৰ্যসূচীৰে প্ৰাক ৰঙালী বিহু উদযাপনেৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে কাৰ্যতঃ ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক আৰু সামাজিক জ্ঞান দিয়াৰ বাবে চলোৱা প্ৰয়াস স্বাভাৱিকতে আদৰণীয় ৷

বিভিন্ন জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ লোকেৰে পৰিপূৰ্ণ অঞ্চলটোত বসবাস কৰা লোকৰ মাজত থকা সাতামপুৰুষীয়া ঐক্য-সংহতি তথা ভাতৃত্ববোধ যাতে ছাত্ৰ-ছাত্ৰীয়ে উপলব্ধি কৰি জাতীয় উৎসৱৰ মহত্ব বুজি উঠে, তাৰেই এক যোগাত্মক প্ৰয়াস হিচাপে বিদ্যালয়খনে এই পদক্ষেপ গ্ৰহণ কৰে ৷

বাগৰুম্বা নৃত্য প্ৰদৰ্শন

বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৰ আদৰণি বক্তব্যৰে "জনগোষ্ঠীয় নৃত্যৰে সমন্বয়ৰ বৰ্ণিল যাত্ৰা" শীৰ্ষক কাৰ্যসূচী আৰম্ভ হয় আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য পৰিৱেশন কৰে৷ ইয়াৰ পিচতে আমন্ত্ৰিত অতিথি তথা ছেবাৰ মাণ্ডলিক সচিব কৃষ্ণকান্ত ডেকাই বিহুৰ তাৎপৰ্য বিশ্লেষণ কৰি বক্তব্য প্ৰদান কৰে৷ তদুপৰি ছাত্ৰ-ছাত্ৰীৰ তৰফৰ পৰা

ঝুমুৰ নৃত্য পৰিৱেশন

নৱম শ্ৰেণীৰ ছাত্ৰী কণিকা হেমৰমে বিহুৰ বক্তব্য প্ৰদান কৰে ৷ শিক্ষয়িত্ৰী নিংকুনিশা নেওগে আঁত ধৰা অনুষ্ঠানটো(Pre Bihu Celebration in Tezpur) ত বিদ্যালয়ৰ তৰফৰ পৰা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পংকজকান্তি দেৱৰয়, উপ সভাপতি বকুল কুম্মী, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দীপ্তি কুমাৰ বৰা, বামুণপুখুৰী শিক্ষা খণ্ডৰ সমল ব্যক্তি আল্পনা বৰা কলিতা আৰু তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক, নাট্যকাৰ-পৰিচালক পুলক কুমাৰ ডেকা, সাংবাদিক তথা অভিনেতা অশ্বিনী বৰা, সাংবাদিক হেমন্ত নাথ, অমৰজ্যোতি তালুকদাৰক বিহুৱানেৰে আগন্তুক ৰঙালী বিহুৰ ওলগ জনায় ৷

লগতে চাওক: গুৱাহাটীৰ কোনখন বিহু মঞ্চত গীত পৰিবেশন কৰিব কোন শিল্পীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.