ETV Bharat / state

নিৰীহ যুৱকক বেয়াকৈ প্ৰহাৰ তেজপুৰ আৰক্ষীৰ ! - Public slams Assam police

তেজপুৰত অসম আৰক্ষীক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে ! নিৰীহ এজন যুৱকক আৰক্ষীয়ে প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ উঠিছে (Police torture youth in Tezpur)। আৰক্ষীৰ প্ৰহাৰত আহত যুৱকজন । সংবাদমাধ্যমৰ সন্মুখত ভুক্তভোগী যুৱক আৰু মাতৃৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা ।

Police
নিৰীহ যুৱকক বেয়াকৈ প্ৰহাৰ তেজপুৰ আৰক্ষীৰ
author img

By

Published : Oct 7, 2022, 1:39 PM IST

Updated : Oct 7, 2022, 3:04 PM IST

তেজপুৰ.৭ অক্টোবৰ : শেহতীয়াকৈ অসম আৰক্ষীয়ে লোক কঠোৰ পদক্ষেপক লৈ বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হৈছে । ভুৱা এনকাউণ্টাৰকে (Assam police fake encounter) ধৰি নিৰীহ লোকক অত্যাচাৰ চলোৱাৰ অভিযোগৰ বাবে সমালোচনাৰ সন্মুখীনো হৈছে অসম আৰক্ষী (Public slams Assam police)। এইবাৰ পুনৰ অসম আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে ।

নিৰীহ যুৱকক প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ উঠিছে তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে (Police beat up youth badly in Tezpur)। আনকি আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে তেজপুৰৰ ৰঙামাটিৰ যুৱক প্ৰকাশ ডেকা । প্ৰকাশ ডেকাই নিজেই সাংবাদিকৰ সন্মুখত আৰক্ষীৰ বৰ্বৰতাৰ কথা উল্লেখ কৰিছে ।

নিৰীহ যুৱকক বেয়াকৈ প্ৰহাৰ তেজপুৰ আৰক্ষীৰ

ভুক্তভোগী প্ৰকাশ ডেকাই জনোৱা মতে বিজয়া দশমীৰ নিশা তেওঁ বন্ধু এজনৰ ঘৰত ভাত খাই আহি আছিল । সেই সময়তে দোলাবাৰী অঞ্চলত আৰক্ষীৰ বাহনৰ মুখা-মুখি হৈছিল যুৱকজন । তাৰ পাছতে আৰক্ষী আৰু তেওঁৰ মাজত সাধাৰণ কথাক লৈ তৰ্কাতৰ্কি আৰম্ভ হয় । আৰক্ষীয়ে ঘটনাস্থলীতেই তেওঁক প্ৰহাৰ কৰে বুলি অভিযোগ কৰিছে যুৱকজনে (Allegation against Tezpur police)।

ইয়াতে ক্ষান্ত নাথাকি আৰক্ষীয়ে প্ৰকাশক থানালৈ আনি হাত বান্ধি বেয়াকৈ মাৰপিট কৰে । প্ৰকাশে অভিযোগ কৰা মতে মাৰপিটৰ পাছত মুখ বন্ধ ৰাখিবলৈ বিভিন্ন ধৰণৰ ভাবুকিও প্ৰদান কৰে আৰক্ষীয়ে । তেজপুৰৰ মহাভৈৰৱ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই নিজেই এই মাৰপিটত লিপ্ত হৈছে বুলি ভুক্তভোগী প্ৰকাশ ডেকাই অভিযোগ কৰিছে ।

আৰক্ষীৰ প্ৰহাৰত আহত প্ৰকাশ ডেকাই বৰ্তমান নিজৰ ঘৰৰ বিচনাত পৰি প্ৰচণ্ড বিষত কেঁকাই আছে । ভুক্তভোগী প্ৰকাশ ডেকাই এতিয়া ঘটনাৰ উচিত তদন্ত বিচাৰিছে । উল্লেখ্য যে ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গোচৰ নিদিবলৈও আৰক্ষীয়ে ভাবুকি দিছিল প্ৰকাশক !

যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক সাধাৰণ জনতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ আহ্বান জনাইছে, তেনে সময়তে মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা শোণিতপুৰৰ আৰক্ষীৰ এনে কাণ্ডই এতিয়া সকলোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ভুক্তভোগী প্ৰকাশ ডেকাৰ এই অভিযোগ যদি সঁচা হয় তেনেহ'লে অভিযুক্ত তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :মণিপুৰৰ প্ৰাক্তন বিধায়কৰ বাসগৃহৰ বাহিৰত আই ই ডি বিস্ফোৰণ

Last Updated : Oct 7, 2022, 3:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.