চতিয়া, ১০ ছেপ্টেম্বৰ: আজি জামুগুৰিহাটত নেপালী কবিমঞ্চ জামুগুৰিহাটৰ সৌজন্যত কবি হৰিভক্ত কটোৱাল স্মৃতি দিৱস পালন কৰা হয় । কবি হৰিভক্ত কটোৱাল স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি স্মৰণিকা 'শ্যাম মঞ্জৰী 'উন্মোচনী সভাও অনুষ্ঠিত হয় । জামুগুৰিহাটৰ গমিৰিপাল নাট্য মন্দিৰত অনুষ্ঠিত উক্ত উন্মোচন সভাত সভাপতিত্ব কৰে জামুগুৰিহাট নেপালী কবিমঞ্চৰ সভাপতি গুৰুপ্ৰসাদ উপাধ্যায়ে । উক্ত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত কবি হৰিভক্ত কটোৱালৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সমাজ সেৱক পদ্ম খনালে ।
লগতে পঢ়ক:Protest in Tinsukia: তিনিচুকীয়াত নৈশ বাছ চালক-হেণ্ডিমেন সন্থাৰ প্ৰতিবাদত আবদ্ধ পাঁচ শতাধিক যাত্ৰী
ইপিনে,সমাজসেৱক শ্যামৰাজ শৰ্মাৰ স্মৃতিত পৰিয়ালবৰ্গই প্ৰকাশ কৰা স্মৰণিকা 'শ্যাম মঞ্জৰী' উন্মোচন কৰে সাহিত্যিক কৃষ্ণ চেত্ৰীয়ে । উক্ত সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাহিত্যিক ডম্বৰু আচাৰ্যই বক্তব্য প্ৰদান কৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৃতি শিক্ষক,সমাজ সেৱক, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপক হৰিপ্ৰসাদ শৰ্মা, মতি শৰ্মাৰ উপৰি সমাজকৰ্মী দিব্যজ্যোতি কলিতা আদি । তেওঁলোকে প্ৰয়াত বিশিষ্ট কবি হৰিভক্ত কটোৱালৰ লগতে প্ৰয়াত সমাজকৰ্মী শ্যামৰাজ শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে বক্তব্য আগবঢ়ায় ।
উক্ত অনুষ্ঠানত সাহিত্য অকাডেমী বঁটা প্ৰাপক পূৰ্ণ কুমাৰ শৰ্মা, ড৹ তুলসী উপাধ্যায়, ৰিজু দেৱী চেত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিশিষ্ট কবি হৰিভক্ত কটোৱালৰ ৰচিত গীত পৰিৱেশন কৰে ড৹ তিলক শৰ্মাই । হিয়াশ্ৰী কাফলেৰ নৃত্যৰ লগতে বিশিষ্ট কবি ঘনশ্যাম অধিকাৰী, সোমনাথ উপাধ্যায়, অশোক শৰ্মা,বালা কুমাৰী দেৱীৰ উপৰি শিশু হিমাংশু কাফলে, ৰাহুল চাপাগাই,বিদিশা খতিঅৰাৰ কবিতা পাঠ কৰে । উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো পৰিচালনা কৰে চক্ৰপাণি শৰ্মা আৰু ড৹ তিলক শৰ্মা আৰু ড৹ ধুন্দিৰাজ উপাধ্যায়ে ।
লগতে পঢ়ক: Pijush Hazarika to Bhupen Borah: আনুষ্ঠানিক মিত্ৰতা থাকক বা নাথাকক কংগ্ৰেছ AIUDF একেই; পীযুষ হাজৰীকা