ETV Bharat / state

Balipara Reserve Forest: কেৱল কিতাপতহে ৰ’বগৈ নেকি সেউজী ধৰণী ধুনীয়া বুলি ? - সেউজী ধৰণী ধুনীয়া

শোণিতপুৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চলত চলিছে বন ধ্বংস যজ্ঞ ৷ চোৰাং কাঠকটীয়াই এফালৰ কাটি নিছে মূল্যৱান শালগছ ।

Poachers cut trees illegally in Balipara Reserve Forest
বনাঞ্চলত চলিছে বন ধ্বংস যজ্ঞ
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:23 AM IST

বনাঞ্চলত চলিছে বন ধ্বংস যজ্ঞ

ৰঙাপৰা, 1 নৱেম্বৰ : অসম-অৰুণাচল সীমান্তৰ তথা শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলত সম্প্ৰতি অবাধ গতিত চলিছে বন ধ্বংস যজ্ঞ । বালিপৰা সংৰক্ষিত বনাঞ্চলখন ক্ৰমান্বয়ে মুকলি ঠাইলৈ পৰিণত হ’বলৈ ধৰিছে । বালিপৰাৰ পিচত বনদুৱাৰ অতিক্ৰম কৰাৰ পিচতে বালিপৰা-ভালুকপুং সংযোগী পথচোৱাৰ কাষতে শাৰী শাৰী মূল্যৱান শাল, চেগুন, গামাৰি, আমৰি, হলখ আদি গছেৰে পৰিপূৰ্ণ আছিল ।

চেঙেলীমৰা আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলখনৰ মাজেৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ যোৱা পথচোৱাৰ কাষত প্ৰায় ২৫ বছৰ মানৰ পূৰ্বে ঘন-ঘনকৈ মূল্যৱান গছ-গছনি থকাৰ বাবে দিনৰ ভাগত ৰাইজে অহা-যোৱা কৰাৰ ক্ষেত্ৰত শংকাত ভূগিবলগীয়া হৈছিল । ইমানেই গভীৰ অৰণ্য আছিল ৷ কিন্তু বালিপৰা বনাঞ্চলখনৰ ভিতৰত আজি সেই পৰিৱেশ নাই । বনাঞ্চলখনৰ ভিতৰত থকা মূল্যৱান গছবোৰ চোৰাং কাঠকটিয়াই কাটি তহিলং কৰি অহাৰ অভিযোগ উঠিছে ।

এসময়ৰ বিশাল বনাঞ্চলখন ক্ৰমাগতভাৱে মূল্যৱান গছবোৰৰ মূঢ়া, কুণ্ডাৰ ৰূপলৈ পৰিণত হৈছে । বালিপৰাৰ শালবাৰীখনৰ ভিতৰত বহুকেইজোপা মূল্যৱান শালগছ দুৰ্বৃত্তই শেহতীয়াকৈ কাটি নি থকা বিষয়টো পোহৰলৈ অহাৰ পিচত কালি শালবাৰীখনত এটা বনকৰ্মীৰ দল উপস্থিত হয় । সেই সময়তে চোৰাংভাৱে গছ কাটিবলৈ অহা এজন লোকৰ আক্ৰমণত এজন বনকৰ্মী সামান্য পৰিমাণে আহত হ’বলগীয়া হোৱাৰ ঘটনাই বনাঞ্চলখনক নিঃশেষ কৰাত একাংশ দুষ্কৃতিকাৰী নামি পৰিছে সেই কথা স্পষ্ট হৈ পৰে । অৱশ্যে চোকা অস্ত্ৰসহ আক্ৰমণকাৰীজনক বনকৰ্মীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

আক্ৰমণকাৰী পিতাই দাসৰ লগতে আন এজন কাঠকটিয়াই বনাঞ্চলখনৰ ভিতৰত গছ কাটিবলৈ অহাৰ কথা বনকৰ্মীৰ আগত সদৰী কৰে৷ উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৱৰ্তী বালিপৰা সংৰক্ষিত বনাঞ্চলত থকা এইখন হিমালয়ৰ পাদদেশৰ একমাত্ৰ প্ৰাকৃতিক শালবাৰী৷ ইতিমধ্যেই ইয়াৰ মাতৃ শালগছৰ বিলুপ্তি ঘটিছে যদিও বৰ্তমানে বাছি থকা শালগছবোৰ ওপৰত বিভিন্ন সময়ত চোৰাং কাঠকটিয়াই অত্যাচাৰ অব্যাহত ৰাখিছে৷ প্ৰনিধানযোগ্য যে, বালিপৰা সংৰক্ষিত বনাঞ্চলৰ মুঠ ৭৫০ হেক্টৰ ভূমিত এই প্ৰাকৃতিকভাৱে হোৱা শালগছসমূহ আছে৷ ইয়াৰে এটা অংশত পাঁচশ হেক্টৰ ভূমি আৰু আনটো অংশত আঢ়ৈশ হেক্টৰ অঞ্চল সামৰি আছে এই শালগছবোৰ৷ কিন্তু পৰিতাপৰ বিষয় যে বনাঞ্চলৰ ভিতৰৰ এই শালগছসমূহ পৈণত হোৱাৰ পূৰ্বে তথা পুলি অৱস্থাতে কাটি নিছে দুষ্কৃতিকাৰীয়ে ৷

যোৱা এটা সপ্তাহৰ ভিতৰতে প্ৰায় একুৰি জোপা শালগছ চোৰাং কাঠকটিয়াই কাটি নিয়াৰ উপৰি আন একাংশ গছ বনাঞ্চলখনৰ মাজতে এৰি থৈ গৈছে৷ ইতিমধ্যে এই গছসমূহ বন বিভাগে জব্দ কৰিছে৷ উল্লেখ্য যে, বালিপৰা সংৰক্ষিত বনাঞ্চলৰ সমীপৰ চেঙেলিমাৰি বনাঞ্চলখনৰ অস্তিত্ব ইতিমধ্যেই নিঃশেষ হৈছে৷ বেদখলৰ কৱলত পৰি সম্পূৰ্ণৰূপে বিলুপ্ত ঘটা এইখন বনাঞ্চলৰ পিচত সম্প্ৰতি বালিপৰা সংৰক্ষিত বনাঞ্চলখনো বেদখলৰে নিঃশেষ কৰাৰ এক চক্ৰান্ত চলি অহা বুলি অভিযোগ উঠি আহিছে৷ খৰালি বছৰি বনাঞ্চলৰ ভিতৰত অগ্নিসংযোগ কৰা হয় আৰু ইয়াৰ ফলত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ যথেষ্ট ক্ষতি হোৱাৰ বিপৰীতে বন বিভাগে এনে অগ্নিকাণ্ডক দুৰ্ঘটনা বুলিয়েই দায় সাৰি আহিছে৷ কিন্তু এনেদৰেই বালিপৰা সংৰক্ষিত বনাঞ্চলৰ যথেষ্ট পৰিমাণৰ অংশও বেদখলৰ কৱলত পৰাৰ বিপৰীতে সম্প্ৰতি শালগছৰ লগতে আন গছো পুলিতে কটা ঘটনাৰ আঁৰত বেদখলৰে ষড়যন্ত্ৰ লুকাই থকা বুলি আশংকা ব্যক্ত কৰিছে স্থানীয় বহুসংখ্যক লোকে ৷

বালিপৰা সংৰক্ষিত বনাঞ্চলখন যাতে জনাঞ্চলত পৰিণত নহয় তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে প্ৰকৃতি প্ৰেমী ৰাইজে । সংবাদ মাধ্যমৰ আগত সমাজকৰ্মী ৰাজনীশ শইকীয়াই কয় যে, বনাঞ্চলখনত একাংশই চলাই থকা অত্যাচাৰৰ বিপৰীতে বন বিভাগটোৰ অস্তিত্বকলৈয়ে প্ৰশ্ন উত্থাপন হয়৷ আনহাতে সংৰক্ষিত বনাঞ্চলখনৰ শালগছ দুৰ্বৃত্তই কাটি নিয়া ঘটনাক গৰিহণা দিছে স্থানীয় আক্ৰাছু নেতা কৰ্মীয়ে৷ বনধ্বংসৰে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে তেওঁলোকে৷ ইপিনে শেহতীয়াকৈ বহুকেইজোপা শালগছ কাটি পেলোৱা ঘটনাৰ পিচত তৎপৰ হোৱা বন বিভাগৰ এটা বৃহৎ দলে বুধবাৰে বনাঞ্চলৰ ভিতৰত অভিযান চলায়৷ বনাঞ্চলৰ সমীপৰে যোৱা ৰে’লপথ আৰু এটা খাৱৈ পাৰ হৈ দুষ্কৃতিকাৰী বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰে বুলি প্ৰকাশ কৰিছে বন বিভাগৰ সূত্ৰই ৷

লগতে পঢ়ক : Poachers cut down trees from Forest : বনদস্যুৰ কৱলত বালিপৰা সংৰক্ষিত বনাঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.