ETV Bharat / state

শোণিতপুৰত হাতী-মানুহৰ সংঘাত ৰোধৰ নিৰ্দেশ, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা আহিল পত্ৰ - Tezpur

Man Elephant Conflict in Sonitpur : হাতী-মানুহৰ সংঘাতৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় পৰা ৰাজ্য চৰকাৰলৈ আহিছে পত্ৰ ৷ বিষয়টো পৰ্যালোচনা কৰি সঠিক উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে ৰাজ্য চৰকাৰক ৷

pm office letter to assam govt
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৰাজ্য় চৰকাৰলৈ পত্ৰ
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 3:56 PM IST

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৰাজ্য় চৰকাৰলৈ পত্ৰ

তেজপুৰ, ১৬ ডিচেম্বৰ : শোণিতপুৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী আৰু মানুহৰ সংঘাত । ৰাজ্যখনৰ ভিতৰতে এই সংঘাত অতি উদ্বেগজনক বুলি অভিহিত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যৰ আৰ টি আই কৰ্মীয়ে ৷ আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথে পত্ৰ প্ৰেৰণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব আৰু বন বিভাগলৈও আহিছে পত্ৰ ।

ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰৰ জৰিয়তে বিষয়টো পৰ্যালোচনা কৰি সঠিক উত্তৰ দিয়াৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা । উল্লেখ্য যে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত ২৪,০৭২ হেক্টৰ ভূমিত থকা বনাঞ্চলৰ ভিতৰত ২২,০০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে আৰু উক্ত ভূমি বসতিস্থললৈ পৰিণত হৈছে ৷ ফলস্বৰূপে সমগ্ৰ জিলাখনত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে ।

আনহাতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰৰ সমান্তৰালকৈ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰণালয়ৰ তৰফৰ পৰাও অসম চৰকাৰৰ বন বিভাগলৈ এই সন্দৰ্ভত সবিশেষ তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছিল যোৱা নৱেম্বৰ মাহত ৷ উল্লেখযোগ্য যে অভিযোগ অনুসৰি বন আইন সম্পূৰ্ণৰূপে উলংঘা কৰি শোণিতপুৰ জিলাৰ দুখন গুৰুত্বপূৰ্ণ বনাঞ্চলৰ ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবললৈ গৈছে । ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবেই ভূমি আৱন্টন কৰি বেদখল কৰা বুলি উল্লেখ কৰা গৈছে ৷ জিলাখনৰ ১৩০১ টা বেদখলকাৰী পৰিয়ালক চৰকাৰীভাবে বনাঞ্চলৰ ভূমি আৱন্টন দিয়াৰ অভিযোগ উত্তাপিত হৈছে । ফলস্বৰূপে শোণিতপুৰ জিলাত হাতীৰ উপদ্ৰব বৃদ্ধি পাইছে বুলি আৰ টি আই কৰ্মী দিলীপ নাথে সদৰী কৰে ।

লগতে পঢ়ক : মিছন বসুন্ধৰা ২.০ : ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.