ETV Bharat / state

অৰুণাচল প্ৰদেশৰ যুৱকক আটক কৰি শাৰিৰীক অত্যাচাৰ চীনা সৈন্যৰ

author img

By

Published : Sep 16, 2020, 11:44 PM IST

চীনা সৈন্যই চকু হাত বান্ধি খোজ কঢ়াই এক অজ্ঞাত স্থানলৈ নি উপৰ্যুপৰি শাস্তি প্ৰদান কৰা হৈছিল তগলে চিংসমক ৷ আনকি বৈদ্যুতিক শ্বক পৰ্যন্ত দিয়া হৈছিল তেওঁক ৷ তেওঁৰ পৰা সীমান্তৰ তথ্য জানিবলৈ বিচাৰিছিল চীনা সৈন্যই ৷ চলিত বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম ভাগত ইটানগৰ চৰকাৰী হাইস্কুলত দশম শ্ৰেণীৰ পৰীক্ষা শেষ কৰি লক ডাউনৰ পূৰ্বে ঘৰলৈ আহিছিল তগলে চিংসম ৷

PLA abused abducted Arunachali youth Togle Singsom
অৰুনাচল প্ৰদেশৰ যুৱকক আটক কৰি শাৰিৰীক অত্যাচাৰ চীনা সৈন্যৰ

তেজপুৰ, 16 ছেপ্তেম্বৰঃ চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত-চীনৰ সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তেই পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য ৷ অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিৰ আচাপিলা গাঁৱৰ সীমান্তৰ পৰা বিগত ১৯ মাৰ্চত চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে বন্দী কৰি নিছিল অৰুণাচল প্ৰদেশৰ যুৱক তগলে চিংসমক ৷ শেহতীয়া তথ্য অনুসৰি, চিংসমক উপৰ্যুপৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল চীনা সেনাই ৷ পৰৱৰ্তী সময়ত ভাৰতীয় সেনাৰ হাতত বুমলা পাছত গটাই দিয়া হৈছিল তগলে চিংসমক ৷

চকু হাত বান্ধি খোজ কঢ়াই এক অজ্ঞাত স্থানলৈ নি উপৰ্যুপৰি শাস্তি প্ৰদান কৰা হৈছিল তগলে চিংসমক ৷ আনকি বৈদ্যুতিক শ্বক পৰ্যন্ত দিয়া হৈছিল যুৱকজনক ৷ তেওঁৰ পৰা সীমান্তৰ তথ্য জানিবলৈ বিচাৰিছিল চীনা সৈন্যই ৷ চলিত বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম ভাগত ইটানগৰ চৰকাৰী হাইস্কুলত দশম শ্ৰেণীৰ পৰীক্ষা শেষ কৰি লক ডাউনৰ পূৰ্বে ঘৰলৈ আহিছিল তগলে চিংসম ৷ এই ঘটনাৰ পাছত এতিয়া ভয় আৰু শংকাৰ মাজত দিন পাৰ কৰিছে অৰুণাচল প্ৰদেশৰ তাগিন সম্প্ৰদায়ৰ যুৱক তগলে চিংসমে ৷ আনহাতে ইয়াৰ পিছত পুনৰ ৫ জন যুৱকক ২ ছেপ্টেম্বৰত বন্দী কৰি নিছিল চীনা সৈন্যই ৷ কিন্তু ভাৰতীয় সেনাৰ হেঁচাৰ বাবে 11 দিনৰ অন্তত ১2 ছেপ্টেম্বৰত আনজাও জিলাৰ কিবিথোত যুৱককেইজনক গটাই দিয়ে চীনা সৈন্যই ৷ সম্প্ৰতি যুৱককেইজনক কোৱাৰেন্টাইনত ৰখা হৈছে ৷

অৰুণাচল প্ৰদেশৰ যুৱকক আটক কৰি শাৰিৰীক অত্যাচাৰ চীনা সৈন্যৰ

উল্লেখ্য যে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে সদনৰ মজিয়াত বক্তব্য ৰাখি কৈছিল যে, চীনা সৈন্যই প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত বাহৰ কৰি আহিছে ৷ ভাৰতীয় সৈন্যই ইয়াক প্ৰতিৰোধ কৰি আহিছে আৰু আগলৈয়ো কৰি যাব ৷ ইয়াৰ উপৰিও ডিবাং উপত্যকাৰ সীমান্তৰ বিশিং অঞ্চলৰ ওচৰত চীনা কমিউনিষ্ট পাৰ্টিৰ সহযোগত চীনা সৈন্যই কেইবাটাও নতুন পথ নিৰ্মাণ কৰাৰ আলোকচিত্ৰ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰিব পৰা গৈছে ৷ পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এৰিঙৰ মতে সীমান্তৰ ডিবাং ভেলীৰ আইটিবিপিৰ শেষ নিৰীক্ষণ শিবিৰৰ ডিম্বেনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত এই পথ নিৰ্মাণ কৰিছে চীনা সৈন্যই ৷ তাৎপৰ্যপূৰ্ণ যে ইতিমধ্যে আনজাও জিলাৰ এণ্ডাৰীলা আৰু কিবিথো অঞ্চলত ভাৰতীয় সেনাই আধিপত্য বিস্তাৰ কৰিছে ।

লগতে পঢ়ক-পূজাত কি কৰিব, কি নকৰিব: চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.