ETV Bharat / state

ৰঙাপৰাত ৰে’ল বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ স্থানীয় ৰাইজ - people protest against railway department at Rongapora

ৰে’ল বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষই নিৰাপত্তা বাহিনীক লগত লৈ ৰঙাপৰা-তেজপুৰ সংযোগী গড়কাপ্তানী পথৰ পৰা ১ নং নামনিগাঁও আৰু মিলনপল্লীলৈ যোৱা একমাত্ৰ পথচোৱাৰ ওপৰত থকা ৰঙাপৰা-ডেকাৰগাঁও সংযোগী ব্ৰডগজ ৰে’ল পথচোৱাত উপস্থিত হয় ৷ লগে লগে স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি ৰে’ল বিভাগক উক্ত স্থানত লোহাৰ খুঁটা পোতাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে ৷

people protest against railway department at Rongapora
ৰঙাপৰাত ৰে’ল বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ স্থানীয় ৰাইজ
author img

By

Published : Mar 3, 2020, 5:25 AM IST

ৰঙাপৰা,2 মাৰ্চঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৰে’ল বিভাগে এটা গুৰুত্বপূৰ্ণ পথ বন্ধ কৰিবলৈ ওলোৱা কাৰ্যত ক্ষুদ্ধ স্থানীয় ৰাইজ ৷ উল্লেখ্য যে, ৰে’ল বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষই নিৰাপত্তা বাহিনীক লগত লৈ ৰঙাপৰা-তেজপুৰ সংযোগী গড়কাপ্তানী পথৰ পৰা ১ নং নামনিগাঁও আৰু মিলনপল্লীলৈ যোৱা একমাত্ৰ পথচোৱাৰ ওপৰত থকা ৰঙাপৰা-ডেকাৰগাঁও সংযোগী ব্ৰডগজ ৰে’ল পথচোৱাত উপস্থিত হয় ৷ পথচোৱাত যাতে অনাগত দিনত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যৰে লোহাৰ খুঁটা পোতাৰ যো-জা চলায় ৰে’ল বিভাগে ৷ লগে লগে স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি ৰে’ল বিভাগক উক্ত স্থানত লোহাৰ খুঁটা পোতাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে ৷ উল্লেখ্য যে, উক্ত পথছোৱা বন্ধ কৰি দিলে বহুধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব অঞ্চলটোৰ ৰাইজে ৷ ইয়াৰ বিপৰীতে পথচোৱাত এটা লেভেল ক্ৰছিং স্থাপন কৰি ৰাইজক যাতায়তৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ ৰেলৱে বিভাগক ৰাইজে দাবী জনায় ৰাইজে ৷

ৰঙাপৰাত ৰে’ল বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ স্থানীয় ৰাইজ

লগতে পঢ়ক-হাগ্ৰামাৰ মডেল বিটিচিত ৰাইজে খায় নিজৰাৰ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.