ETV Bharat / state

Road accident in tezpur: দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ পথ অৱৰোধ - people road blocked in tezpur

দোষীক শাস্তি বিহাৰ দাবীত ৰাইজৰ পথ অৱৰোধ । ড্ৰাগছ সেৱন কৰি তীব্ৰ বেগত গাড়ী চলোৱাৰ অভিযোগ ।

accident in tezpur
তেজপুৰত দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ পথ অৱৰোধ
author img

By

Published : Jun 12, 2022, 2:23 PM IST

বিশ্বনাথ ১১ জুন:তেজপুৰত শনিবাৰে দিনৰ প্ৰায় ২ বজাত সংঘটিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Road accident in Tezpur)। দোষীক শাস্তি বিহাৰ দাবীত স্থানীয় ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে(People road blocked in Tezpur) । উল্লেখ্য় যে যোৱা বুধবাৰে তেজপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্য়ু হোৱাৰ লগতে এগৰাকী ছাত্ৰী গুৰুত্ব ভাৱে আহত । AS01BN 6858 নম্বৰৰ এখন বাহনে খুন্দিওৱাৰ ফলত তেজপুৰৰ প্ৰফুল্ল বৰা আৰু তেওঁৰ কন্য়া মৃদুস্মিতা বৰা গুৰুতৰ ভাৱে আহত হয় ।

বৰ্তমান ছাত্ৰী গৰাকীৰ চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ এখন চিকিৎসালয়ত । স্থানীয় প্ৰতিবাদকাৰীয়ে উল্লেখ কৰা মতে, প্ৰফুল্ল বৰাই তেওঁৰ কন্য়া মৃদুস্মিতা বৰাক টিউচন শেষ হোৱাৰ পিছত ঘৰলৈ উভতাই নিয়াৰ পথত AS01BN 6858 নম্বৰৰ বাহনখনে ডেকাৰগাঁৱত খুন্দিওৱাত দুয়ো গুৰুতৰ ভাবে আহত হয় ৷ পাছত সংকটজনক অৱস্থাত পিতৃ-কন্যাক আৰক্ষীয়ে তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও প্ৰফুল্ল বৰাক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

উল্লেখ্য় যে দুৰ্ঘটনা সংঘটিত কৰা উক্ত বাহনখনে এই দুৰ্ঘটনাৰ পূৰ্বে আন দুই স্থানতো দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ৷ ইপিনে,ঘটনা সংঘটিত কৰা উক্ত বাহনখনত আছিল তিনিজন যুৱক ৷ এই যুৱককেইজনে ড্ৰাগছ সেৱন কৰি তীব্ৰ বেগত গাড়ী চলোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে । আনহাতে ,দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল তিনিও যুৱকে । পাছত খেদি খেদি ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে আব্দুল হামিড (21),আখতাৰ আলী (27),চাৰজান আলী(23)ক । কিন্তু ইয়াৰ ভিতৰত দুজনক থানাতে জামিন দি মুকলি কৰি দিয়া কেন্দ্ৰ কৰি শনিবাৰে শ শ লোক ওলাই আহে ৰাজপথলৈ ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিভিন্ন শ্ল'গানৰে ২ ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ৰাইজে দোষীক শাস্তিৰ লগতে ভুক্তভোগী দৰিদ্ৰ পৰিয়ালটোক ক্ষতি পুৰনৰ দাবী জনাই পথ অৱৰোধ কৰে । আনহাতে,পাছত অৱৰোধস্থলীত উপস্থিত হয় শোণিতপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক,তেজপুৰ চক্ৰ বিষয়া‌ আদি।কিন্তু ৰাইজে কোনো কাৰণত প্ৰশাসনক গুৰুত্ব নিদি ৰাজপথ অৱৰোধ কৰি থাকে । পাছত প্ৰাক্তন বিধায়কৰ ভ্ৰাতৃ জীতেন বৰঠাকুৰ উপস্থিত হৈ ৰাইজৰ সৈতে আলোচনা কৰাত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্য়াহাৰ কৰে।

লগতে পঢ়ক:বিহালী স্নাতক মহাবিদ্যালয় আৰু দীনদয়াল মহাবিদ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.