ETV Bharat / state

National conference on Nalanda Buddhism : অৰুণাচল প্ৰদেশৰ জেমিথাঙত আয়োজন নালন্দা বৌদ্ধ ধৰ্মৰ ৰাষ্ট্ৰীয় সন্মিলন

অৰুণাচল প্ৰদেশৰ জেমিথাঙত সোমবাৰে অনুষ্ঠিত হয় নালন্দা বৌদ্ধ ধৰ্মৰ ৰাষ্ট্ৰীয় সন্মিলন ৷ এই সন্মিলনত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অংশগ্ৰহণ কৰে (National conference on Nalanda Buddhism) ৷

author img

By

Published : Apr 18, 2023, 12:16 PM IST

National conference on Nalanda Buddhism
নালন্দা বৌদ্ধ ধৰ্মৰ ৰাষ্ট্ৰীয় সন্মিলন

তেজপুৰ, 18 এপ্ৰিল : অৰুণাচল প্ৰদেশৰ জেমিথাঙত সোমবাৰে আয়োজন কৰা হয় নালন্দা বৌদ্ধ ধৰ্মৰ ৰাষ্ট্ৰীয় সন্মিলন ৷ সন্মিলনত অংশগ্ৰহণ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (National conference on Nalanda Buddhism) ৷ সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে বৌদ্ধ সংস্কৃতি, যি প্ৰতিটো সংবেদনশীল সত্তাৰ শান্তিপূৰ্ণ সহাৱস্থানৰ ওপৰত বিকশিত হয় ৷ ইয়াক কেৱল সংৰক্ষণ কৰাই নহয়, প্ৰচাৰ কৰাও উচিত ৷

পৱিত্ৰ গোৰ্ছাম স্তুপত ‘নালন্দা বৌদ্ধ ধৰ্ম – আচাৰ্যসকলৰ পদাংক অনুসৰণ : নালন্দাৰ পৰা হিমালয় লৈ' – (Nalanda Buddhism – retracing the source in footsteps of Acharyas: From Nalanda to Himalayas and beyond) বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি খাণ্ডুৱে কয় যে অৰুণাচল প্ৰদেশত বৌদ্ধ জনসংখ্যাৰ এক বৃহৎ অংশ আছে ৷ সৌভাগ্যক্ৰমে তেওঁলোকে ধৰ্মীয় উৎসাহেৰে নিজৰ সংস্কৃতি আৰু পৰম্পৰাক সুৰক্ষিত কৰি ৰাখিছে (National conference in Zemithang) ৷

National conference on Nalanda Buddhism
নালন্দা বৌদ্ধ ধৰ্মৰ ৰাষ্ট্ৰীয় সন্মিলনত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

নালন্দা বৌদ্ধ ধৰ্ম যিটো মূল স্তম্ভৰ ওপৰত থিয় দিছে ৷ সেয়া হৈছে ‘যুক্তি আৰু বিশ্লেষণ’ৰ নীতি ৷ অৰ্থাৎ সকলোৱে ভগৱান বুদ্ধৰ শিক্ষাকো যুক্তি আৰু বিশ্লেষণৰ পৰিসৰৰ অধীনলৈ আনিব পাৰে ৷ এই যুক্তি বিজ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু হয়তো বৌদ্ধ ধৰ্মই একমাত্ৰ ধৰ্ম যিয়ে নিজৰ অনুগামীসকলক এই স্বাধীনতা প্ৰদান কৰে বুলি মন্তব্য কৰে খাণ্ডুৱে ৷

দেশৰ উত্তৰ সীমান্তৰ সকলো হিমালয়ৰ ৰাজ্যৰ প্ৰতিনিধিসকলক আদৰণি জনাই খাণ্ডুৱে কয়, ‘‘অৰুণাচল প্ৰদেশ ধৰ্মীয় অনুগামীৰ মিশ্ৰণ ৷ অৰুণাচল প্ৰদেশত কেৱল বৌদ্ধ ধৰ্মই নহয় ৷ নিজৰ থলুৱা ধৰ্ম পালন কৰাকে ধৰি কেইবাটাও ধৰ্মৰ লোকৰ বাসস্থান ৷ মোৰ বিশ্বাস প্ৰতিটো ধৰ্ম আৰু বিশ্বাস শান্তিপূৰ্ণভাৱে ফুটি উঠিব লাগে আৰু অস্তিত্ব ৰক্ষা কৰিব লাগে ৷ মই গৌৰৱান্বিত যে আমি অৰুণাচলীসকলে ঠিক তেনেকুৱাই কৰিছো’’ (Gorsam Stupa in Zemithang) ৷

বৌদ্ধ ধৰ্মৰ অন্যতম পবিত্ৰ স্থান টাৱাং জিলাৰ জেমিথাঙত এই ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰাৰ বাবে ভাৰতীয় হিমালয়ান কাউন্সিল অৱ নালন্দা বৌদ্ধ পৰম্পৰাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে পেমা খাণ্ডুৱে ৷ তেওঁ কয়, ‘‘সকলোৱে হয়তো জানে যে জেমিথাঙ, যি ভাৰতৰ শেষ সীমান্ত ৷ যাৰ মাজেৰে পৰম পূজ্য 14 নং দালাই লামাই 1959 চনত ভাৰতত প্ৰৱেশ কৰিছিল ৷ সেয়েহে ইয়াত এই সন্মিলন অনুষ্ঠিত কৰাটো তাৎপৰ্যপূৰ্ণ’’ ৷

এই এদিনীয়া সন্মিলনত হিমালয়ৰ সকলো ৰাজ্য হিমাচল প্ৰদেশ, লাডাখ (কেন্দ্ৰীয় শাসিত অঞ্চল), উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ (পদ্দাৰ-পাংগী), ছিকিম, উত্তৰ বংগ (দাৰ্জিলিং, দুৱাৰ, জয়গাঁও আৰু কালিম্পং), ডেনছা দক্ষিণ ইণ্ডিয়া মঠ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা 45 গৰাকী প্ৰতিনিধিৰ লগতে অন্যান্য প্ৰায় 600 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Rangali Bihu at Kalgachia Police Station : কৰ্তব্যৰ মাজতে কলগাছিয়া আৰক্ষী থানাত কঁকাল ভাগি নাচিলে জোৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.