ETV Bharat / state

Pawan Hans Helicopter Services : প্ৰথমটো যাত্ৰাত এজনো যাত্ৰী নুঠিল পৱন হংসৰ হেলিকপ্টাৰত

author img

By

Published : Feb 8, 2023, 5:02 PM IST

ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল বিতৰ্কিত পৱন হংসৰ হেলিকপ্টাৰ সেৱা (Pawan Hans Helicopter Service in Assam) ৷ অত্যধিক ভাড়া দি যাত্ৰীয়ে যোৰহাট, গুৱাহাটী, তেজপুৰৰ মাজত হেলিকপ্তাৰেৰে অহা-যোৱা কৰিব পাৰিব ৷ যাত্ৰাৰ আৰম্ভণিৰ দিনা অৱশ্যে এজনো যাত্ৰী নুঠিল পৱন হংসৰ হেলিকপ্টাৰত ৷

Pawan Hans Helicopter Services
পৱন হংসৰ হেলিকপ্টাৰ

তেজপুৰ, ৮ ফেব্ৰুৱাৰী : বুধবাৰৰ পৰা তেজপুৰৰ শালনিবাৰী বিমানবন্দৰৰ পৰা আৰম্ভ হল যাত্ৰীবাহী পৱন হংস হেলিকপ্টাৰ সেৱা (Pawan Hans Helicopter Service in Assam)৷ তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু গুৱাহাটীক সংযোগ কৰি এই সেৱা আৰম্ভ কৰিছে পৱন হংসই । কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন বিভাগৰ উড়ান আঁচনিৰ অন্তৰ্গত এই সেৱা আগবঢ়াইছে পৱন হংস কৰ্তৃপক্ষই ।

ইতিমধ্যে প্ৰকাশ কৰা সূচী অনুসৰি তেজপুৰৰ পৰা দিনৰ ১.২০ বজাত যাত্ৰা আৰম্ভ কৰি যোৰহাটত ২.১০ বজাত অৱতৰণ কৰিব৷ ডিব্ৰুগড়ৰ পৰা ৮.৫০ বজাত যাত্ৰা আৰম্ভ কৰি যোৰহাটত ৯.৩৫ বজাত অৱতৰণ কৰিব, যোৰহাটৰ পৰা ৯.৫০ ত যাত্ৰা আৰম্ভ কৰি ১০.৪০ বজাত তেজপুৰত অৱতৰণ কৰিব আৰু গুৱাহাটীৰ পৰা ১২.১৫ বজাত যাত্ৰা আৰম্ভ কৰি ১৩.০৫ বজাত অৱতৰণ কৰিব আৰু আৰু যোৰহাটৰ পৰা ১৪.২৫ বজাত যাত্ৰা আৰম্ভ কৰি ১৫.১০ বজাত ডিব্ৰুগড়ত অৱতৰণ কৰিব পৱন হংস হেলিকপ্টাৰে ৷

তেজপুৰ বিমানবন্দৰৰ প্ৰাধিকাৰী জ্যোতিৰ্ময় বৰুৱাই জনায় যে বুধবাৰে এই যাত্ৰীবাহী ১১ জনীয়া হেলিকপ্টাৰখন পৰ্যবেক্ষণমূলকভাবে আৰম্ভ কৰা হয় ৷ অহা সোমবাৰৰ পৰা দৈনিক দুবাৰকৈ চলাচল আৰম্ভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে উক্ত হেলিকপ্টাৰ ভ্ৰমণৰ ভাড়া- তেজপুৰ-গুৱাহাটীৰ বাবদ 5944 টকা, তেজপুৰ-ডিব্ৰুগড়ৰ বাবদ 10,774 টকা আৰু তেজপুৰ-যোৰহাটৰ বাবে 5662 টকা বহন কৰি যাত্ৰা কৰিব পাৰিব (Pawan Hans Helicopter fair)৷

লক্ষ্যণীয় বিষয় যে, পৱন হংসৰ এই হেলিকপ্টাৰ সেৱাৰ বাবদ যাত্ৰীয়ে অত্যধিক ধন ভৰিবলগীয়া হ’ব ৷ ফলত যাত্ৰীৰ সঁহাৰি আশানুৰূপ নহ’ব বুলি ধাৰণা কৰিছে বহুলোকে ৷

বুধবাৰে এই সেৱা মুকলি কৰি ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি 1.20 বজাত তেজপুৰ বিমানবন্দৰত পৱন হংস হেলিকপ্টাৰ অৱতৰণ কৰে যদিও হেলিকপ্টাৰত নুঠিল এজনো যাত্ৰী ৷ প্ৰথমটো দিনতেই যাত্ৰীশূণ্য হ’ল 11 জনীয়া যাত্ৰীবাহী ডাউফিন ডাবল ইঞ্জিন চালিত হেলিকপ্টাৰ সেৱা ৷

উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ আকাশৰ বাবে পৱন হংসৰ হেলিকপ্টাৰ সেৱা ফলপ্ৰসূ হোৱা দেখা নাই ৷ ইতিমধ্যে অৰুণাচল প্ৰদেশত পৱন হংসৰ সেৱা বন্ধ কৰা হৈছে ৷ বৰ্তমান পৱন হংসৰ সেৱাৰ পৰিৱৰ্তে স্কাই ৱানৰ হেলিকপ্টাৰ সেৱা সেৱা প্ৰৱৰ্তন কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে ৷

DGCA ৰ 2018 ৰ তথ্য অনুসৰি পৱন হংসৰ হেলিকপ্টাৰ 2010 চনৰ পৰা 2018 লৈ কেইবাটাও দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ ফলত এই সময়তে ৫৫ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল (Pawan Hans Helicopter accident)৷ ইয়াৰ পাচতো চৰকাৰ তথা অসামৰিক বিমান সেৱা প্ৰাধিকৰণে পুনৰ এই পৱন হংস সেৱাৰে উড়ান অভিযানৰ (UDAN scheme) আৰম্ভ কৰাটো কিমান সুৰক্ষিত সেয়া সময়তহে পৰিগণিত হ’ব ৷

লগতে পঢ়ক: Y20 Summit 2023: Y 20 সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত কাশ্মীৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.