তেজপুৰ, 2 মে' : শোণিতপুৰ জিলাৰ তেজপুৰৰ ডিপোটাৰ সমীপৰ খোলাকুটি কছাৰী গাঁৱত সোমবাৰে পালন কৰা হয় বাৰ্ষিক পালনাম ৷ ‘‘চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থান’’ত আয়োজন কৰা হয় এই বাৰ্ষিক পালনাম কাৰ্যসূচী । উল্লেখ্য যে, জনবিশ্বাস তথা কিংবদন্তি অনুসৰি এই চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ মাহাত্ম্যই অকল তেজপুৰ বা জিলাখনৰে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰো দৃষ্টি আকৰ্ষণ কৰি আহিছে (Palnaam at Burha Dangoria Than) ।
প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ সমূহীয়া উদ্যোগত স্থাপিত হোৱা থানখনত থান পৰিচালনা সমিতিয়ে প্ৰতি বছৰেই 1 মে'ৰ দিনটোত বিশ্ব শান্তিৰ হকে সমাজৰ হিংসা, অসূয়া, অশান্তি দূৰ কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে আয়োজন কৰি আহিছে বাৰ্ষিক পালনাম কাৰ্যসূচী । ৰাজ্যখনৰ বিভিন্ন সত্ৰৰ অধিকাৰসকলৰ দ্বাৰা পৰিচালিত আৰু বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশ গ্ৰহণ কৰে বাৰ্ষিকভাৱে আয়োজিত হোৱা এই পালনামৰ কাৰ্যসূচীত ৷ একেদৰে প্ৰতি বছৰে ধূপ-ধূনা-নৈবেদ্যলৈ এই থানলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হয় (Burha Dangoria Than at Tezpur) ৷
বিগত বৰ্ষৰ দৰে এইবাৰো হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ‘‘চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থান’’ত ধূপ-ধূনা-নৈবেদ্য আগবঢ়ায় আশীষ নিৰ্মালী গ্ৰহণ কৰে । থান পৰিচালনা সমিতিয়ে এই ভক্তপ্ৰাণ ৰাইজক মাহ প্ৰসাদৰ লগতে খিচিৰি ভোগেৰে আপ্যায়ন কৰে । উল্লেখ্য যে, আন কেইবছৰৰ দৰে এইবছৰো ‘‘চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থান’’ত আয়োজন কৰা বাৰ্ষিক পালনাম কাৰ্যসূচীৰ দিনটোত প্ৰায় 20 সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰে থান পৰিচালনা সমিতিয়ে ।
সোমবাৰৰ পুৱা 5 বজাত ঊষা কীৰ্ত্তন, 8 বজাত গছপুলি ৰোপণৰ পিচত পুৱা 9 বজাৰ পৰা তেজপুৰ দেউৰী গাঁৱৰ ৰূপ নাৰায়ণ সত্ৰৰ ডেকা অধিকাৰ জয়ন্ত কৃষ্ণ মহন্তৰ পৰিচালনাত আৰম্ভ হয় ভকত বৈষ্ণৱসকলৰ নাম প্ৰসংগ ।
লগতে পঢ়ক : International Labour Day: সংহতি দিৱসত শোষণৰ প্ৰতিবাদত উত্তাল মহানগৰী