ETV Bharat / state

হাতত কাঁচি লৈ ধান কটাত ব্যস্ত বিধায়ক পদ্ম হাজৰিকা

author img

By

Published : Nov 27, 2020, 9:32 PM IST

‘বজাৰ আমাৰ পথাৰ আমাৰ’ বাক্যশাৰী আগত ৰাখি এইবেলি কন্যকা কৃষি পামত থলুৱা প্ৰজাতিৰ কেবাটাও উন্নত মানদণ্ডৰ তথা বৰ্তমান গ্ৰামাঞ্চলৰ পথাৰৰপৰা হ্ৰাস পোৱা ধানৰ কঠিয়া একেলগে ৰোপন কৰোৱাইছিল বিধায়ক পদ্ম হাজৰিকাই ৷ আনহাতে, এই ধানৰ বীজ উৎপাদন কৰিব বিচাৰ কৃষকসকলকো ধানৰ কঠিয়া দিয়াৰ বাবেও প্ৰস্তুতি চলাইছে কন্যকাই ৷

A-sootea-padma-hazarika-at-kanyaka-vis-asc10017
হাতত কাঁচি লৈ ধান কটাত ব্যস্ত বিধায়ক পদ্ম হাজৰিকা

শোণিতপুৰ,27 নৱেম্বৰঃ হাতত কাঁচি লৈ মুখত গানৰ কলি গুণগুনাই দাৱনীৰ সৈতে পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ৷ জামুগুৰিহাটৰ ‘কন্যকা বহুমুখী কৃষি পাম’ৰ প্ৰায় 700 বিঘা কৃষি ভূমিত কুনকুনি জঁহা,মানিকী মাদুৰী,কেতেকী জঁহা,পদুমী জঁহা,কলাজঁহাকে ধৰি থলুৱা প্ৰজাতিৰ ধান চপোৱাত ব্যস্ত হৈ পৰিছে বিধায়কগৰাকী ৷ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামত ধানৰ উৎপাদনত দেখি উৎফুল্লিত হৈ পৰিছে বিধায়কগৰাকী ৷

উল্লেখ্য যে, ‘বজাৰ আমাৰ পথাৰ আমাৰ’ বাক্যশাৰী আগত ৰাখি এইবেলি কন্যকা কৃষি পামত থলুৱা প্ৰজাতিৰ কেবাটাও উন্নত মানদণ্ডৰ তথা বৰ্তমান গ্ৰামাঞ্চলৰ পথাৰৰ পৰা লুপ্ত পোৱা ধানৰ কঠিয়া একেলগে ৰোপন কৰোৱাইছিল বিধায়ক পদ্ম হাজৰিকাই ৷ আনহাতে, এই ধানৰ বীজ উৎপাদন কৰিব বিচাৰ কৃষকসকলকো ধানৰ কঠিয়া দিয়াৰ বাবেও প্ৰস্তুতি চলাইছে কন্যকাই ৷ থলুৱা যুৱক-যুৱতী সকলক একত্ৰিত হৈ চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম’ৰ অংশীদাৰ হৈ স্ব-নিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি যাবলৈও আহ্বান জনায় বিধায়ক পদ্ম হাজৰিকাই ৷

লগতে পঢ়ক-তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনঃ শনিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.