ETV Bharat / state

অৰুণাচলৰ ডাম্বুকত উছৱমুখৰ পৰিৱেশ, আৰম্ভ হ’ল অৰেঞ্জ মহোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 12:17 PM IST

ডাম্বুকত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অৰেঞ্জ মহোৎসৱ ৷ দেশী-বিদেশী পৰ্যটকৰ ভিৰ ৷ 17 ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই অৰেঞ্জ মহোৎসৱ ৷

Orange Festival of Music and Adventure Begins
উখল-মাখল ডাম্বুক
আৰম্ভ হ’ল অৰেঞ্জ মহোৎসৱ

তিনিচুকীয়া, 16 ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলি জিলাৰ ডাম্বুকত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অৰেঞ্জ মহোৎসৱ (Orange Festival) ৷ এই অৰেঞ্জ মহোৎসৱ আৰম্ভ হোৱাৰ লগে লগে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছেহি এই অঞ্চলত ৷ আনহাতে আয়োজক কমিটিয়ে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱৰ শুভ উদ্বোধন অনুষ্ঠানটোত উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু বিয়লি 4 বজাৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে শুভাৰম্ভ হয় ৷

অসম -অৰুণাচল সীমান্তৱৰ্তী শদিয়াৰ পৰা প্ৰায় 50 কিঃমিঃ দূৰত্বত অৱস্থিত দিবাং নদীৰ পাৰত থকা এই অঞ্চলটোত 2014 বৰ্ষৰ পৰা এই অৰেঞ্জ মহোৎসৱ অনুষ্ঠিত হৈ আহিছে ৷ বিশেষকৈ এই অঞ্চলত উৎপাদন হোৱা কমলাক বিশ্বৰ বজাৰত চাহিদা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে আয়োজিত হৈ আহিছে এই মহোৎসৱ ৷ উল্লেখযোগ্য যে দেশৰ ভিতৰতে সোৱাদযুক্ত বুলি জ্ঞাত এই অঞ্চলৰ কমলাৰ যথেষ্ট চাহিদা আছে ৷ 70 দশকৰ পৰা এই অঞ্চলত পেংকেং পাৰ্টীন নামৰ এজন স্থানীয় খেতিয়কৰ প্ৰচেষ্টাত পোনপ্ৰথমে কমলা খেতি আৰম্ভ হৈছিল আৰু উপ-হিমালয়ৰ জলবায়ুৰ প্ৰভাৱ পৰা এই অঞ্চলত কমলা খেতি যথেষ্ট ফলদায়ক হৈ উঠিছিল ৷ যি কমলাই আজি আন্তৰ্জাতিক বজাৰত সমাদৃত হৈছে ৷

অন্যহাতে এই কমলা মহোৎসৱৰ আয়োজকে জানিবলৈ দিয়া মতে বিগত সময়ছোৱাত এই অঞ্চলটো কলিয়াপানী নামেৰে খ্যাত আছিল ৷ কাৰণ যোগাযোগ, যাতায়ত ইত্যাদিৰ ক্ষেত্ৰত মূল ভূখণ্ডৰ পৰা যথেষ্ট বিতাড়িত হৈ আছিল অঞ্চলটো ৷ কিন্তু বিগত সময়ত এই মহোৎসৱৰ আয়োজনে অঞ্চলটোক পৰ্যটনৰ মানচিত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে, বিশেষকৈ বৰ্তমান পৰ্যায়ত এই মহোৎসৱে দেশৰ লগতে বিদেশতো ডাম্বুকৰ কমলা আৰু পৰ্যটনক সমাদৃত কৰাইছে ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত, বিশেষকৈ ডুবাইত ডাম্বুকৰ কমলা অধিক সমাদৃত হৈছে ৷

বিশেষকৈ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা এই মহোৎসৱত অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীয় সংস্কৃতি, খাদ্যভাস, সংগীত, নৃত্য, সাজ-পাৰ ইত্যাদি প্ৰদৰ্শিত হোৱাৰ উপৰিও দেশী-বিদেশী বিভিন্ন নামী-দামী পশ্চিমীয়া সংগীতৰ ৰ'ক বেণ্ডসমূহ সমবেত হৈ সংগীত মহোৎসৱত অংশগ্ৰহণ কৰে ৷ ইয়াৰোপৰি পৰ্যটকসকলৰ সুবিধাৰ্থে বিভিন্ন দুঃসাহসীক ক্ৰীড়াৰো আয়োজন কৰা হয় ৷ ইতিমধ্যে আয়োজনৰ প্ৰথম দিনটোত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, জুডু প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আৰু আজিৰ দিনটোৰ বিশেষ আকৰ্ষণ ত্ৰিশ চেকেণ্ডত সৰ্বাধিক কমলা খোৱা ইত্যাদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ বিয়লিৰ ভাগত কেইবাটাও ৰক' বেণ্ডৰ সংগীত পৰিৱেশন হ’ব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ১৪ ডিচেম্বৰৰ পৰা অৰেঞ্জ মহোৎসৱ, উদুলি-মুদুলি অৰুণাচলৰ দাম্বুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.