তেজপুৰ, 11 জানুৱাৰী : শোণিতপুৰ জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত কৰা হৈছিল অসমী সাৰচ মেলা ২০২২ (Asomi Saras Mela 2022 held at Tezpur) ৷ অসমৰ বিভিন্ন জিলাৰ প্ৰায় 76 টা প্ৰতিষ্ঠানৰ লগতে কেৰালা, গোৱা, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাকে ধৰি দেশৰ ভিন্ন ৰাজ্যৰ পৰা অহা ৩০ খনকৈ প্ৰতিষ্ঠানে এই মেলাত অংশগ্ৰহণ কৰিছিল ।
কিন্তু মেলাখনৰ এখন বিপণীৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰে ক'ভিড-19 ৰ উপস্থিতি (one women tested covid positive in asomi saras mela 2022) ৷ যাৰ বাবে সোমবাৰৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই সাৰচ মেলা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে ৷
ৰাজ্যত বৰ্তমান কৰ’ণা আক্ৰান্তৰ হাৰ দিনকদিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ প্ৰতিদিনে আক্ৰান্ত হৈছে ইজনৰ পিছত সিজনকৈ লোক ৷ সেয়ে এই আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নিশা 10 বজাৰ পৰা 6 বজালৈ সান্ধ্য আইন জাৰি কৰাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ অন্যথা কঠোৰ জৰিমনা বিহা হ'ব বুলিও সকিয়াই দিছে ৰাজ্য চৰকাৰে ৷
ইফালে ৰাজহুৱা স্থানত ভেকচিন নোলোৱাকৈ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বুলি স্পষ্ট কৰি দিছিল ৰাজ্য চৰকাৰে ৷ কিন্তু তেজপুৰ চহৰত ইয়াৰ বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা গৈছে ৷ চৰকাৰে বান্ধি দিয়া ক'ভিড নীতি নামানি তেজপুৰত দিনে-নিশাই উদযাপন কৰি অহা হৈছে ভিন্নৰঙী সাংস্কৃতিক অনুষ্ঠান ৷
কেৱল সেয়াই নহয় সাংস্কৃতিক অনুষ্ঠানসমূহত মুকলিকৈ দেশীয় সুৰা বিক্ৰী কৰা হৈছে ৷ লগতে হেম বৰুৱা ভৱনত ভোগালী মেলা (Bhogali mela held at Tezpur) আয়োজনৰ নামত অবৈধ জুৱা খেল আৰু সুৰাৰ মুকলি বেহা চলোৱাৰো এক অভিযোগ উত্থাপন কৰা হৈছে ৷
উল্লেখ্য যে, চৰকাৰে ভেকচিন গ্ৰহণ নকৰা লোকৰ ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰাৰ পিছতো তেজপুৰস্থিত নেহৰু মৈদান (চাৰ্চফিল্ড) ত ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল অসমী সৰস মেলা ৷ ক’ভিডৰ নীতি-নিয়ম উলংঘন কৰি পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছিল মেলাখনত ৷
ভোগালী মেলাৰ নামত সন্ধিয়া ৮ বজা পৰ্যন্ত মুকলিকৈ সুৰা বিক্ৰী কৰি অহাৰ পিছতো জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ সোমবাৰে মহিলা ব্যৱসায়ী ক'ভিডত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছতহে গা লৰিছে সকলোৰে ৷
লগতে পঢ়ক : মুকালমুৱাৰ লাৰকুছিত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলা