ETV Bharat / state

COVID-19: তেজপুৰ কমাৰচুবুৰীৰ বিশ্বজিৎ বৰা পথ ছীল জিলা প্ৰশাসনৰ

author img

By

Published : Jun 9, 2020, 12:48 PM IST

তেজপুৰ কমাৰচুবুৰীৰ বিশ্বজিৎ বৰা পথ এলেকাক নিয়ন্ত্ৰিত এলেকা হিচাপে ঘোষণা শোণিতপুৰ জিলা প্ৰশাসনৰ । সোমবাৰে নিশা এগৰাকী ব্যক্তিৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰা পাচতে ছীল কৰে সমগ্ৰ অঞ্চলটোত ।

COVID-19
COVID-19: তেজপুৰ কমাৰচুবুৰীৰ বিশ্বজিৎ বৰা পথ ছীল জিলা প্ৰশাসনৰ

তেজপুৰ, ৯ জুন: শোণিতপুৰ জিলাৰ তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কমাৰচুবুৰীৰ ১৮ নং ৱাৰ্ডৰ বিশ্বজিৎ বৰা পথত সোমবাৰে নিশা এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰে COVID-19 ৰ উপস্থিতি । যাৰ বাবে প্ৰশাসনে সমগ্ৰ এলেকাটোক তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ নিয়ন্ত্ৰিত এলেকা হিচাপে ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ এলেকাটো সোমবাৰে নিশা ছীল কৰি দিয়া হয় ৷

এই সন্দৰ্ভত জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ অধ্যক্ষ মানবেন্দ্ৰ প্ৰতাপ সিঙে এই নিয়ন্ত্ৰিত এলেকাৰ চাৰিসীমা নিৰ্ধাৰণ কৰে । এই নিয়ন্ত্ৰিত এলেকাৰ ৫ কিল'মিটাৰ ব্যাসাৰ্ধৰ এলেকাক বাফাৰ জ’ন হিচাপে চিনাক্ত কৰা হৈছে ৷

আনহাতে, এই এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে কোনো লোকৰ আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অনান্য COVID-19 ৰ নিয়মসমূহ মানি চলাটো বাধ্যতামূলক ৷

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব বুলি সদৰি কৰে স্বাস্থ্য বিভাগৰ লোকে ৷ এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম COVID-19 নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫, মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭’ৰ লগতে অনান্য আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.