ETV Bharat / state

নাগালেণ্ডত এনএছচিএন-কেৰ নিকি চুমি গোটৰ কেডাৰ আটক

author img

By

Published : Jun 24, 2021, 10:27 PM IST

সেনা আৰু আৰক্ষীৰ দলে কেডাৰকেইটাৰ পৰা কেইবাজাঁই সজীৱ গুলীসহ তিনিটা .32 পিষ্টল, 25.32 সজীৱ গোলা-বাৰুদ আৰু কিছু আপত্তিজনক নথিপত্ৰ জব্দ কৰে ।

niki-sumi-cader-arrest-at-nagaland
নাগালেণ্ডত এনএছচিএন-কেৰ নিকি চুমি গোটৰ ১১ জন কেডাৰ আটক

তেজপুৰ, ২৪ জুন : নাগালেণ্ড (Nagaland)ৰ ডিমাপুৰ জিলাৰ থিলিক্সু গাঁৱৰ পৰা সেনা আৰু আৰক্ষীৰ এক দলে বৃহস্পতিবাৰে নিকি চুমি (Niki Sumi) গোটৰ সাতজন কেডাৰ আৰু চাৰিটা অভাৰ-গ্ৰাউণ্ড কৰ্মী (OGWs)ক আটক কৰে ৷ সেনাৰ দলটোৱে এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই নিকি চুমি গোট (Niki Sumi)ৰ কেডাৰ আৰু অভাৰ-গ্ৰাউণ্ড কৰ্মী (OGWs)কেইটাক আটক কৰে । আটকাধীন নিকি চুমি গোট (Niki Sumi)ৰ সক্ৰিয় সদস্যকেইটাই নাগালেণ্ড (Nagaland)ৰ ডিমাপুৰ জিলাৰ থিলিক্সু গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ কাৰ্যকলাপ সংঘটিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত বলপূৰ্বক ধন দাবী কৰা সময়তে সেনা আৰু আৰক্ষীৰ দলটোৱে আটক কৰে ৷

সেনা আৰু আৰক্ষীৰ দলে কেডাৰকেইটাৰ পৰা কেইবাজাঁই সজীৱ গুলীসহ তিনিটা .32 পিষ্টল, 25.32 সজীৱ গোলা-বাৰুদ আৰু কিছু আপত্তিজনক নথিপত্ৰ জব্দ কৰে । সেনাৰ দলে এই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ উদ্ধাৰ হোৱা সামগ্ৰীসহ আটকাধীন কেডাৰ কেইজনক ডিমাপুৰ (Dimapur) জিলাৰ ডিফুপাৰ আৰক্ষী থানাক চমজাই দিয়া হৈছে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বাসভৱনত সৰ্বদলীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.