ETV Bharat / state

Manipur Violence : ট্ৰেন্সনেচনেল ষড়যন্ত্ৰৰ গোচৰত চুৰাচান্দপুৰত NIA ৰ দ্বাৰা গ্ৰেপ্তাৰ এজন অভিযুক্ত

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:44 PM IST

চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ সৈতে জড়িত গোচৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থা চমুকৈ NIA য়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে ছেইমিনলুন গাংটেক নামৰ এজন লোকক ৷ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ পিছত নতুন দিল্লীলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

NIA arrests one accused in Manipur
NIA ৰ দ্বাৰা গ্ৰেপ্তাৰ এজন অভিযুক্ত

তেজপুৰ, ৩০ ছেপ্টেম্বৰ : এতিয়াও শাম কটা নাই মণিপুৰত বৰ্তমানৰ জনগোষ্ঠীয় হিংসাৰ ৷ ৰাজ্যখনত শাম কটা নাই হিংসাত্মক পৰিস্থিতিৰ ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এন আই এ) শনিবাৰে মণিপুৰ ৰাজ্যত বৰ্তমানৰ জাতিগত অস্থিৰতাৰ সুযোগ লৈ ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ম্যানমাৰ আৰু বাংলাদেশভিত্তিক সন্ত্ৰাসবাদী সংগঠনসমূহৰ নেতৃত্বৰ এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰসম্পৰ্কীয় গোচৰত ছেইমিনলুন গাংটেক গ্ৰেপ্তাৰ কৰে।

মণিপুৰৰ এই গোচৰটো ১৯.০৭.২০২৩ তাৰিখে নতুন দিল্লীত এন আই এৰ দ্বাৰা Suo Moto গোচৰ হিচাবে পঞ্জীয়ন কৰা হৈছিল ৷ ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দ্বাৰা RC 24/2023/NIA/DLI ৰ তদন্তত প্ৰকাশ পাইছে যে, ম্যানমাৰ আৰু বাংলাদেশ ভিত্তিক উগ্ৰপন্থী সংগঠনসমূহে ভাৰতৰ উগ্ৰপন্থী নেতাৰ এটা অংশৰ সৈতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত কুটিলতা চলোৱাৰ উদ্দেশ্যেৰে হিংসাত্মক কাণ্ডৰ জৰিয়তে ষড়যন্ত্ৰত লিপ্ত হৈছে গোটসমূহৰ মাজত যুদ্ধ চলাবলৈ, বিশেষকৈ ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ৷

লগতে পঢ়ক : Politics On Women Reservation Bill : 'কংগ্ৰেছে ৩০ বছৰ ধৰি স্থগিত ৰাখিছিল নাৰী সংৰক্ষণ বিধেয়ক'-প্ৰধানমন্ত্ৰী

এই উদ্দেশ্যৰ বাবে, পূৰ্বে উল্লেখ কৰা নেতৃত্বই অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য প্ৰকাৰৰ সন্ত্ৰাসবাদী হাৰ্ডৱেৰ ক্ৰয় কৰাৰ বাবে পুঁজি প্ৰদান কৰি আহিছে ৷ যিবোৰ সীমান্তৰ সিপাৰৰ পৰা, লগতে মণিপুৰত বৰ্তমানৰ জাতিগত সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহত সক্ৰিয় অন্যান্য সন্ত্ৰাসবাদী সংগঠনৰ পৰা আহৰণ কৰা হৈছে।

ৰাষ্ট্ৰীয় তদন্ত সংস্থাই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ পিছত নতুন দিল্লীলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে আৰু তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব ৷ আনহাতে এই গোচৰটোৰ সন্দৰ্ভত অধিক তদন্ত চলি আছে বুলি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এক বিবৃতিত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Sahitya Akademi Children and Youth Award 2023: দুগৰাকী মণিপুৰী সাহিত্যিকলৈ 2023 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.