তেজপুৰ, ৪ এপ্ৰিল: ১৯৯৩ চনৰ অসম অসামৰিক সেৱাৰ বিষয়া দেৱ কুমাৰ মিশ্ৰই সোমবাৰে বিদায়ী উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ পৰা শোণিতপুৰ জিলাৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে (New DC of Sonitpur district) ৷ ইয়াৰ আগতে বিষয়াগৰাকীয়ে বিশ্বনাথ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷
দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে জিলা প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়াসকলে নৱনিযুক্ত উপায়ুক্তগৰাকীক উষ্ম আদৰণি জনায় । উল্লেখ্য যে, বিদায়ী উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসক অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰা হৈছে ৷ ভূপেশ চন্দ্ৰ দাসে ২০২১ চনৰ ২১ মে'ত শোণিতপুৰ জিলাৰ উপায়ুক্ত হিচাপে যোগদান কৰিছিল ৷
লগতে পঢ়ক: CM on Bihu celebration: থলুৱা গামোচা ব্যৱহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ