ETV Bharat / state

নতুন ক'ভিড SOP প্ৰকাশঃ ৫ খন জিলাত শিথিল লকডাউন

ৰাজ্যত প্ৰকাশ পালে নতুন ক'ভিড নিৰ্দেশনা । ৫ খন জিলাত আংশিকভাৱে শিথিল কৰা হৈছে লক ডাউন(Lockdown) । এতিয়াৰে পৰা কেৱল দুখন জিলাত ২৪ ঘণ্টাই বলৱৎ থাকিব সান্ধ্য আইন(Curfew) ।

author img

By

Published : Jul 27, 2021, 5:54 PM IST

New SOP released
নতুন ক'ভিড SOP অনুসৰি ৫ খন জিলাত শিথিল লকডাউন

তেজপুৰ, ২৭ জুলাই : ৰাজ্যৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতি(Covid situation)ৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন ক'ভিড নিৰ্দেশনা । এই নতুন নিৰ্দেশনা অনুসৰি কিছু পৰিমাণে সকাহ দিয়া হৈছে পূৰ্বে ২৪ ঘণ্টাৰ বাবে সান্ধ্য আইন বলৱৎ থকা ৫ খন জিলাক । যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁও জিলাত আংশিকভাৱে শিথিল কৰা হৈছে লক ডাউন । এতিয়াৰে পৰা কেৱল দুখন জিলাত ২৪ ঘণ্টাই বলৱৎ থাকিব সান্ধ্য আইন(Curfew) ।

গোলাঘাট আৰু লখিমপুৰত শিথিল কৰা নাই লক ডাউন । পূৰ্বে ৭ খন জিলাত সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা হৈছিল । এতিয়া যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে বলৱৎ থাকিব সান্ধ্য আইন । জিলাকেইখনত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা বাবে সান্ধ্য আইন শিথিল কৰা হৈছে ।

অৱশ্যে, পূৰ্বৰ দৰেই বন্ধ হৈ থাকিব আন্তঃজিলা যাতায়াত । বুধবাৰে পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিৰ্দেশনা । চলিত মাহৰ ৭ তাৰিখৰ পৰা যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও, গোলাঘাট আৰু লখিমপুৰ জিলাত ২৪ ঘণ্টাৰ বাবে সান্ধ্য আইন বলৱৎ হৈ আছিল ।

ভয়াৱহভাৱে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ বাবে জিলাকেইখনত কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল চৰকাৰে । আনহাতে, ৰাজ্যৰ আন আন জিলাতো ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইন জাৰি কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল । বৰ্তমান দৈনিক আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পোৱা বাবে জিলা বিশেষে চৰকাৰে সান্ধ্য আইনৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে ।

লগতে পঢক: কেতিয়া অন্ত পৰিব সীমা বিবাদ: কি কয় মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.